অক্টোবৰ মাহত একেৰাহে তৃতীয় মাহৰ বাবে পাইকাৰী মুদ্ৰাস্ফীতি ১২.২৯ শতাংশলৈ বৃদ্ধি
নতুন দিল্লী, ১৬ নৱেম্বৰ (হি.স.)। মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ বাবে বিষন্নতাৰ খৱৰ আহিছে । ইন্ধন আৰু বিদ্যুৎ, খাদ্য, খনিজ পদাৰ্থ, আৰু অখাদ্য সামগ্ৰীৰ বৃদ্ধি পোৱা মূল্যৰ ফলত একেৰাহে তৃতীয় মাহৰ বাবে পাইকাৰী মুদ্ৰাস্ফীতি অক্টোবৰ মাহত ১২.২৯ শতাং
थोक महंगाई दर के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ১৬ নৱেম্বৰ (হি.স.)। মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ বাবে বিষন্নতাৰ খৱৰ আহিছে । ইন্ধন আৰু বিদ্যুৎ, খাদ্য, খনিজ পদাৰ্থ, আৰু অখাদ্য সামগ্ৰীৰ বৃদ্ধি পোৱা মূল্যৰ ফলত একেৰাহে তৃতীয় মাহৰ বাবে পাইকাৰী মুদ্ৰাস্ফীতি অক্টোবৰ মাহত ১২.২৯ শতাংশলৈ বৃদ্ধি পাইছে, যিটো ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত ১১.৩৯ শতাংশ আছিল।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি অক্টোবৰ মাহত অখাদ্য মুদ্ৰাস্ফীতি ১১.৬৯ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ছেপ্টেম্বৰ মাহত ১০.২৮ শতাংশ আছিল। খনিজ পদাৰ্থৰ মূল্যও ১২.৬৪ শতাংশলৈ বৃদ্ধি পাইছে, যিটো ছেপ্টেম্বৰ মাহত ৯.৫১ শতাংশ আছিল। সামগ্ৰিকভাৱে প্ৰাথমিক সামগ্ৰীৰ শিতানত পাইকাৰী মুদ্ৰাস্ফীতি অক্টোবৰ মাহত ৯.২৪ শতাংশলৈ বৃদ্ধি পাইছে, যিটো ছেপ্টেম্বৰ মাহত ৮.৬৭ শতাংশ আছিল। ইয়াৰ উপৰিও অক্টোবৰ মাহত ইন্ধন আৰু বিদ্যুতৰ মুদ্ৰাস্ফীতি ৩২.৮৪ শতাংশলৈ বৃদ্ধি পাইছে, যিটো ছেপ্টেম্বৰ মাহত ২৫.৮৫ শতাংশ আছিল। নিৰ্মিত সামগ্ৰীৰ মুদ্ৰাস্ফীতি ৯.৫৪ শতাংশলৈ বৃদ্ধি পাইছে, যিটো ছেপ্টেম্বৰ মাহত ৯.৭৬ শতাংশ আছিল।

মন্ত্ৰালয়ৰ মতে, অক্টোবৰ মাহত পাইকাৰী মুদ্ৰাস্ফীতি বৃদ্ধিত অৰিহণা যোগোৱা মূল কাৰকসমূহ আছিল খনিজ তেল (পেট্ৰলিয়াম সামগ্ৰীকে ধৰি), খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ, বিদ্যুৎ, খাদ্য সামগ্ৰী, মৌলিক ধাতুৰ উৎপাদন, ৰাসায়নিক পদাৰ্থ আৰু ৰাসায়নিক সামগ্ৰী উৎপাদন, খাদ্য সামগ্ৰী, অখাদ্য সামগ্ৰী, বস্ত্ৰ নিৰ্মাণ, আৰু ৰবৰ আৰু প্লাষ্টিক সামগ্ৰী নিৰ্মাণ।

যোৱা সপ্তাহত প্ৰকাশ পোৱা তথ্য অনুসৰি অক্টোবৰ মাহত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ৬.০৯ শতাংশ আছিল, যিটো ভাৰতীয় ৰিজাৰ্ভ বেংকে দুবছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে নিৰ্ধাৰণ কৰা উচ্চ সীমা অতিক্ৰম কৰিছিল।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande