এনইউজেআই আৰু জা’ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন
গুৱাহাটী, ১৬ নৱেম্বৰ(হি.স.)। সাংবাদিকতা বৃত্তিটো এক মহান তথা দায়িত্বশীল আৰু আদৰ্শৰ ওপৰত নিৰ্ভৰ কৰে ৷ সেয়ে চৰকাৰে সাংবাদিক আৰু সংবাদ মাধ্যমৰ সাৰ্বজনীন সুৰক্ষা দিশত সদায় সচেতন হোৱা উচিত ৷ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে আয়োজিত সভাত জাৰ্নেলিষ্ট এছছিয়
এনইউজেআই আৰু জা’ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন


গুৱাহাটী, ১৬ নৱেম্বৰ(হি.স.)। সাংবাদিকতা বৃত্তিটো এক মহান তথা দায়িত্বশীল আৰু আদৰ্শৰ ওপৰত নিৰ্ভৰ কৰে ৷ সেয়ে চৰকাৰে সাংবাদিক আৰু সংবাদ মাধ্যমৰ সাৰ্বজনীন সুৰক্ষা দিশত সদায় সচেতন হোৱা উচিত ৷ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে আয়োজিত সভাত জাৰ্নেলিষ্ট এছছিয়েচন অব আছাম’ চমুকৈ জা য়ে অসম চৰকাৰৰ প্ৰতি আহ্বান জনায় এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।

জ্যেষ্ঠ সাংবাদিক তথা 'জা'ৰ কাৰ্যকৰী সভাপতি সন্দীপ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাই অৰ্থনৈতিক ভাৱে সৱল নহলে এজন সাংবাদিকে জনসাধাৰণৰ স্বাৰ্থত নিজকে উচৰ্গিত কৰাটো সম্ভৱ নহয় বুলি মত প্ৰকাশ কৰে ৷ চৰকাৰে সুস্থ গণতন্ত্ৰ বৰ্তাই ৰাখিবলৈ সাংবাদিক আৰু সংবাদ মাধ্যমৰ সামগ্ৰিক নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰে ৷

আনহাতে অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া সংবাদ গোষ্ঠীৰ মাজত চৰকাৰী বিজ্ঞাপন বিতৰণৰ ক্ষেত্ৰত বৈষম্য আৰু বঞ্চিত কৰাৰ বাবে চৰকাৰক সমালোচনা কৰি সাংবাদিক সকলৰ অৰ্থনৈতিক সংকটত নেপেলাবলৈ আহ্বান জনোৱাৰ লগতে বিজ্ঞাপন বন্ধ কৰি ৰখা সংবাদ গোষ্ঠীক পুনৰ সম পৰ্যায়ত চৰকাৰী বিজ্ঞাপন দিয়াৰ বাবে টানি অনুৰোধ জনাইছে ।

গুৱাহাটী হেঙ্গেৰাবাৰীস্থিত জাৰ্নেলিষ্ট এছছিয়েচন অব আছাম’ জা ৰ মুখ্য কাৰ্যালয়ত আয়োজিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জা ৰ মুখ্য উপদেষ্টা তথা নেশ্যনেল ইউনিয়ন অৱ জাৰ্ণেলিষ্ট ইণ্ডিয়াৰ সদ্য প্ৰাক্তন ৰাষ্ট্ৰীয় উপ সভাপতি ভূপেন গোস্বামীয়ে দেশৰ অন্যান্য ৰাজ্যৰ দৰে সাংবাদিক সুৰক্ষা আইন খন অসমত প্ৰৱৰ্তনৰ দাবীত পুনৰ সৰব হৈ পৰে ৷

জাৰ্নেলিষ্ট এছছিয়েচন অব আছাম’ জা আৰু ‘ নেচনেল ইউনিয়ন অব জাৰ্নেলিষ্ট ইণ্ডিয়া’ এন ইউ জে আই ৰ নীতি আদৰ্শ উল্লেখ কৰি গোস্বামীয়ে প্ৰাপ্য আদায়ৰ ক্ষেত্ৰত ৰাজ্যৰ সকলো সাংবাদিক আৰু সংবাদ কৰ্মীক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায় ৷ সংবাদ মাধ্যমৰ সকলো কৰ্মচাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰি কয় তেওঁ আৰু কয় যে জনসাধাৰণৰ হৈ আৰু জনসাধাৰণৰ পক্ষত থাকি নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা সাংবাদিকক সকলো শ্ৰেণীৰ লোকে সহায়-সহযোগ কৰা উচিত ৷

চৰকাৰে সংবাদ মাধ্যম আৰু সাংবাদিক সকলৰ সমস্যা সমূহ গুৰুত্ব সহকাৰে লৈ সমাধানৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনায় ৷ ভাষণ প্ৰসংগত জ্যেষ্ঠ সাংবাদিক গোস্বামীয়ে অসম চৰকাৰে বন্ধ কৰি ৰখা সাংবাদিকৰ এককালীন সাহায্য আৰু ফেলচিপ পুনৰ প্ৰৱৰ্তন কৰাৰ লগতে সাংবাদিক পেঞ্চন ২০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা তথ্য আৰু জনসংযোগ বিভাগৰ ওচৰত অনুৰোধ জনায় ৷

আনহাতে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ নিৰ্দেশ অনুসৰি সংবাদ মাধ্যমৰ বিজ্ঞাপনৰ ধনৰ নিৰিখ বৃদ্ধি কৰি মাহিলী আদায় দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় ৷ ইয়াৰ লগতে সাংবাদিক- সংবাদকৰ্মী আৰু সংবাদ মাধ্যমৰ সামগ্ৰিক নিৰাপত্তাৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰীক সাংবাদিক সুৰক্ষা আইন খন প্ৰৱৰ্তনৰ ব্যবস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে মেডিয়া কাউন্সিল গঠনৰ দাবী জনাই কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে ৷

সংবাদ মাধ্যম আৰু সাংবাদিকৰ ওপৰত বাঢ়ি অহা ভাবুকি আৰু ৰ্নিযাতন প্ৰতিৰোধ কৰাৰ বাবে তথা কৰ্ত্তব্যৰত সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত ৰাজ্যত এখন বলিষ্ঠ ‘সাংবাদিক সুৰক্ষা আইন’ প্ৰনয়ণ কৰি সন্মান সহকাৰে সাংবাদিক সকলক জীয়াই থকাত সহায় কৰিবলৈ চৰকাৰ তথা শাসক- বিৰোধী সমূহ ৰ্নিবাচিত বিধায়কৰ প্ৰতি অনুৰোধ জনায় ৷

সভাত সুদীপ শৰ্মা চৌধুৰী, সব্যসাচী শৰ্মা, জীৱন জ্যোতি গগৈ, অংকুৰ শইকীয়া, পৰমানন্দ ডেকা, হৰেণ সিং আদি কেইবাজনো জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande