সাংবাদিকৰ কবিতা আবৃত্তি, নাটকৰ সংলাপ, অভিনয় আৰু গীতেৰে তেজপুৰত শোণিতপুৰ জিলা প্ৰশাসনৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস
–সাংবাদিকতা :জনমুখী নে দায়িত্বশীল শীৰ্ষক বিষয়ত মনোজ্ঞ ভাষণ –ভিউজ বা জনপ্ৰিয়তাৰ বাবে উত্তেজক বাতৰি প্ৰচাৰ কৰিলে সমাজত বিভ্ৰান্তি আৰু অশান্তিৰ সৃষ্টি হয় -ড০ পলাশমণি শইকীয়া –যোগাত্মক বাতৰিয়ে সমাজত এক সুস্থ পৰিৱেশৰ সৃষ্টি কৰে -আনন্দ কুমাৰ দাস,
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস


–সাংবাদিকতা :জনমুখী নে দায়িত্বশীল শীৰ্ষক বিষয়ত মনোজ্ঞ ভাষণ

–ভিউজ বা জনপ্ৰিয়তাৰ বাবে উত্তেজক বাতৰি প্ৰচাৰ কৰিলে সমাজত বিভ্ৰান্তি আৰু অশান্তিৰ সৃষ্টি হয় -ড০ পলাশমণি শইকীয়া

–যোগাত্মক বাতৰিয়ে সমাজত এক সুস্থ পৰিৱেশৰ সৃষ্টি কৰে -আনন্দ কুমাৰ দাস, জিলা আয়ুক্ত

শোণিতপুৰ, ১৬ নৱেম্বৰ

(হি.স.)। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আজিৰ দিনটোত শোণিতপুৰ জিলাৰ সাংবাদিক সকলৰ লগতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈৰ উপস্থিতিত সাংবাদিকৰ কবিতা আবৃত্তি, নাটকৰ অভিনয় আৰু গীতৰ অনুষ্ঠানৰ লগতে এই বছৰৰ সাংবাদিকতা : জনমুখী নে দায়িত্বশীল শীৰ্ষক বিষয়ৰ মনোজ্ঞ ভাষণেৰে আজি জীপাল হৈ পৰিল শোণিতপুৰ জিলা আয়ুক্তৰ সন্মিলন কক্ষ । উল্লেখ্য শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু শোণিতপুৰ জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত অনুষ্ঠিত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ প্ৰাকমুহূৰ্তত জিলাখনৰ প্ৰয়াত সাংবাদিক নিৰঞ্জন প্ৰকাশ আগৰৱালাৰ লগতে জ্ঞাত-অজ্ঞাত প্ৰয়াত সাংবাদিক সকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ পিছতেই জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আদৰণী ভাষণ আগবঢ়ায় ।

আদৰণী ভাষণত জিলা আয়ুক্ত গৰাকীয়ে জিলাখনৰ সকলো সাংবাদিকক প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি সাংবাদিক সকল সমাজৰ প্ৰতি কেনেকৈ দায়ৱদ্ধ হ'ব লাগে আৰু যোগাত্মক সাংবাদিকতাই এখন সমাজৰ কেনেদৰে কল্যাণ সাধন কৰিব পাৰে তাৰ ওপৰত সুন্দৰ আলোকপাত কৰে । জিলা আয়ুক্ত গৰাকীয়ে যোৱা কেইটা দিনত বিজ্ঞানী ৰুবুল মাউতে অসমৰ অনুষ্ঠান সমূহত আগবঢ়োৱা নতুন প্ৰজন্ম উদ্বুদ্ধ হ'ব পৰা ভাষণ আদিৰ প্ৰসংগৰে অসমৰ সংবাদ মাধ্যম সমূহে আগবঢ়োৱা যোগাত্মক সংবাদৰ প্ৰসংগও উল্লেখ কৰে ।

শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত অনাতাঁৰ শিল্পী প্ৰণামী বৰঠাকুৰ আৰু জ্যোতি ভাৰতীৰ শিল্পী আলিম্পন চৌধুৰীয়ে চাৰিটাকৈ চিৰসেউজ গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰি তোলে।

আনহাতে অনুষ্ঠানটিত এইবছৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল বিষয় সাংবাদিকতা :জনমুখী নে দায়িত্বশীল শীৰ্ষক বিষয়ত সাৰগৰ্ভ আলোকপাত কৰে দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়াই । ড০ শইকীয়াই ভাষণ প্ৰসংগত জনমুখী সাংবাদিকতাৰ অৰ্থ আৰু গুৰত্ব, জনমুখী সাংবাদিকতাৰ সীমাৱদ্ধতা ,দায়িত্বশীল সাংবাদিকৰ প্ৰয়োজনীয়তা, দুয়োটাৰে মাজত সমন্বয় আদি দিশৰ ওপৰত অতি প্ৰাঞ্জল ভাষাৰে বিশ্ব প্ৰসিদ্ধ লোকৰ উৰ্দ্ধৃতিৰে আলোকপাত কৰে । অধ্যক্ষ ড০ পলাশমণি শইকীয়াই বৰ্তমান সময়ৰ ডিজিটেল আৰু টি আৰ পি কেন্দ্ৰীক সংবাদ মাধ্যমৰ যুগত জনমুখী শব্দটো অপব্যৱহাৰ হোৱা দেখা গৈছে বুলি মন্তব্য কৰি বহু সময়ত ৰাইজক ভাল লগা বা ৰাইজৰ আৱেগক উচতনি দিব পৰা বাতৰি পৰিবেশন কৰাকেই জনমুখী সাংবাদিকতা বুলি ভবা হয় বুলি কৈ সত্যা সত্য বিচাৰ নকৰাকৈ কেৱল ভিউজ বা জনপ্ৰিয়তাৰ বাবে উত্তেজক বা চমকপ্ৰদ বাতৰি প্ৰচাৰ কৰিলে সমাজত বিভ্ৰান্তি আৰু অশান্তিৰ সৃষ্টি হয় বুলি ব্যক্ত কৰে ।

আনহাতে অনুষ্ঠানটিত অসম চৰকাৰৰ সাংবাদিক পেন্সন লাভ কৰা জ্যেষ্ঠ সাংবাদিক নাথমল ট্ৰিবেৱাল আৰু তৰুণ বৰাক জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে গামোচা আৰু স্মাৰকেৰে বিশেষ সন্মান জনোৱাৰ লগতে সাংবাদিক পুলক কুমাৰ ডেকাই স্বৰচিত এটি কবিতাৰ সাংগীতিক আবৃত্তি কৰাৰ লগতে সাংবাদিক অৰ্ণৱ কুমাৰ নাথে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি কালজয়ী কবিতা আবৃত্তি কৰে । আনহাতে পংকজ বৰুৱাই শলাগ জ্ঞাপন কৰা অনুষ্ঠানটিত সাংবাদিক হেমন্ত কুমাৰ নাথে জুবিন গাৰ্গৰ জীৱন-দৰ্শনৰ ওপৰত ৰচনা কৰা আৰু ইতিমধ্যে বাণীবদ্ধ ৰূপ প্ৰকাশ পোৱা কবিতাটো উপস্থিত সকলোকে শুনোৱাৰ লগতে সাংবাদিক তথা অভিনেতা অশ্বিনী বৰাই নিজে ৰচনা কৰা এখন নাটকৰ সংলাপ তথা অভিনয়ৰে সকলোকে আপ্লুত কৰি তোলে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande