


–ইন্সপায়াৰ গ্ৰুপৰ জ্যোতিৰ্ময় শীৰ্ষক মনোজ্ঞ অনুষ্ঠানত ভেক্টৰগুৰু শীৰ্ষক প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনলাইন প্ৰশিক্ষণ ব্যৱস্থাৰ শুভাৰম্ভ
তেজপুৰৰ বিদ্বৎ সমাজৰ উপস্থিতিত বিদ্যায়তনিক উৎকৰ্ষতাৰ সন্ধান
মূল্যবোধ সম্পন্ন সুস্হ মানৱ সম্পদৰ জৰিয়তেহে এখন দেশৰ বিকাশ আৰু সমৃদ্ধি সম্ভৱ -ঋতুবৰণ শৰ্মা
শোণিতপুৰ, ১৬ নৱেম্বৰ (হি.স.) :
নতুন প্ৰজন্মক নিজৰ ভাষা -সাহিত্য -সংস্কৃতিৰ সৈতে সংপৃক্ত কৰি জ্ঞান আৰু মূল্যবোধৰ পোহৰেৰে আলোকিত কৰাৰ লক্ষ্যৰে তেজপুৰৰ ইন্সপায়াৰ গ্ৰুপ অব একাডেমীক ইনষ্টিটিউটশ্যনে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত তেজপুৰত শুভাৰম্ভ কৰে ইন্সপায়াৰ সংস্কৃতি নামৰ প্ৰাক প্ৰাথমিকৰ পৰা প্ৰাথমিক পৰ্য্যায়ৰ নতুন এক শিক্ষানুষ্ঠান । তেজপুৰৰ কে আৰ চি হম ষ্টেৰ বিশেষ সভাকক্ষত তেজপুৰৰ বিদ্বৎ সমাজৰ উপস্থিতিত অনুষ্ঠিত কৰা জ্যোতিৰ্ময় শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অনুষ্ঠানতে জে ই ই, নেট, চি ইউ ই টি আদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে শিক্ষাৰ্থী উপকৃত হ'ব পৰাকৈ ভেক্টৰ গুৰু শীৰ্ষক এক অনলাইন প্ৰশিক্ষণ ব্যৱস্থাৰো শুভাৰম্ভ কৰে।
তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট, পূৰ্ণেশ্বৰ নাথ, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ ভূপেন শইকীয়া, ইন্সপায়াৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ ড০ ক্ষীৰেন্দ্ৰ হালৈ, ইন্সপায়াৰ গ্ৰুপৰ অধ্যক্ষ শোণিত মঞ্জিল হাজৰিকা আৰু সচিব নম্ৰশ্ৰী গোস্বামীৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত বৰছলা সমষ্টিৰ বিধায়ক ঋতুবৰণ শৰ্মাই ৰিমট টিপি ইন্সপায়াৰ সংস্কৃতি শীৰ্ষক নতুন শিক্ষানুষ্ঠানৰ লগতে অনলাইন শিক্ষা ব্যৱস্থা ভেক্টৰগুৰু আনুষ্ঠানিকভাবে উদ্বোধন কৰে ।
উদ্বোধনী ভাষণত বিধায়ক ঋতুবৰণ শৰ্মাই নিজৰ গৃহ চহৰত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত মানৱ সম্পদ সৃষ্টিৰ বাবে এখন নতুন শিক্ষানুষ্ঠানৰ আৰম্ভ হোৱাত আহ্লাদিত হৈছোঁ বুলি মন্তব্য কৰি ইন্সপায়াৰ একাডেমীয়ে ইতি পূৰ্বেই বিদ্যায়তনিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত বিশেষ সোণালী যাত্ৰা আৰম্ভ কৰাটো আশাব্যঞ্জক খবৰ বুলি মন্তব্য কৰে । সুস্থ মানৱ সম্পদৰ জৰিয়তেহে এখন দেশৰ বিকাশ আৰু সমৃদ্ধি সম্ভৱ কৰি তোলাৰ লগতে আমি সৰুৰেপৰাই শিক্ষাৰ্থী সকলক মূল্যবোধৰ শিক্ষাৰ সমান্তৰালভাৱে নিজৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি দায়বদ্ধ কৰি কৰি তুলিব পাৰিলেহে এখন কল্যাণকামী ৰাষ্ট্ৰৰ সপোনে পূৰ্ণতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে ।
ইয়াৰ পূৰ্বে ইন্সপায়াৰ গ্ৰুপৰ সচিব নম্ৰশ্ৰী গোস্বামীয়ে আগবঢ়োৱা আদৰণী ভাষণত ২০১৮ চনৰ পৰা ইন্সপায়াৰ একাডেমীৰ শৈক্ষিক উত্তৰণৰ যাত্ৰা সদৰি কৰি মূল্যবোধ সম্পন্ন গুণগত শিক্ষা প্ৰদানৰ লগতে ইংৰাজীৰ সমান্তৰালভাৱে অসমীয়া ভাষা -সংস্কৃতিৰ সৈতেও শিক্ষাৰ্থী সকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ইন্সপায়াৰ গ্ৰুপে দায়ৱদ্ধতাৰে কাম কৰি যাব বুলি মন্তব্য কৰে।
উল্লেখ্য যে বিশিষ্ট শিক্ষাবিদ ড০ শিৱৰঞ্জন মহন্ত, অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড০ চাৰু চহৰীয়া নাথ, বিশিষ্ট বিজ্ঞান লেখক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ৰমেশ চন্দ্ৰ গোস্বামী, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস, উপসভাপতি দ্বীজেন নাথ, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰমেশ চন্দ্ৰ কলিতা, দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়া, তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ হাজৰিকা, তেজপুৰ কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ তপন কুমাৰ কলিতা, বিশিষ্ট নাট্যকাৰ -পৰিচালক ভৱানী ভূঞা, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি পংকজ শৰ্মা, বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰণৱজ্যোতি দাস, বিশিষ্ট সমাজকৰ্মী স্বপ্না বনিয়া, শোণিতপুৰ শিল্পী সমাজৰ ভূপেন বৰুৱা, সংগীতশিল্পী সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, ময়ূৰ কাঞ্চন বৰা, পৱন দাস, বিতোপন বৰা, বিশিষ্ট সমাজকৰ্মী ৰেখা বৰুৱা, প্ৰাক্তন ছাত্ৰ নেতা যশস্কৰ বৰুৱা, আঞ্চলিক পঞ্চায়তৰ সদস্য হিৰক কুমাৰ শৰ্মাকে ধৰি তেজপুৰৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি আৰম্ভ হয় এগৰাকী শিক্ষাৰ্থীৰ সৰস্বতী বন্দনাৰে ।
শিক্ষাৰ্থী সকলে সত্ৰীয়া নৃত্য আদিৰে জীপাল কৰি তোলা
একেটা অনুষ্ঠানতে কেবাগৰাকীও বিশিষ্ট অতিথিয়ে ইন্সপায়াৰ সংস্কৃতি আৰু ইন্সপায়াৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয় ৰ প্ৰচপ্ৰেক্টাচ দুখনো উন্মোচন কৰে। আনহাতে অনুষ্ঠানটিত ইন্সপায়াৰ গ্ৰুপৰ অধ্যক্ষ শোণিত মঞ্জিল শইকীয়াই শিক্ষানুষ্ঠানখনৰ শৈক্ষিক সূচি দৃশ্য শ্ৰাব্য মাধ্যমৰ জৰিয়তে উপস্থিত ৰাইজক আৰু অভিভাৱক সকলক অৱগত কৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ