
কাঠমাণ্ডু, ১৬ নৱেম্বৰ (হি.স.)। নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ ভাৰত ভ্ৰমণৰ প্ৰস্তাৱৰ পূৰ্বে দুয়োখন দেশৰ মাজত কূটনৈতিক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে । এই সন্দৰ্ভত নেপালত নৱনিযুক্ত ভাৰতৰ ৰাষ্ট্ৰদূত সুধাকৰ দলেলাই সোমবাৰে নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালৰ সৈতে সৌজন্যতামূলক সাক্ষাৎ কৰে ।
সিংহ দৰবাৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত অনুষ্ঠিত বৈঠকত বৈদেশিক মন্ত্ৰী খানালে ৰাষ্ট্ৰদূত দলেলাক নেপালত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি পোৱাৰ বাবে অভিনন্দন জনায় আৰু তেওঁৰ সফল আৰু ফলপ্ৰসূ কাৰ্যকালৰ কামনা কৰে ।
বৈঠকত নেপাল-ভাৰত সম্পৰ্কৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। দুয়োখন দেশৰ দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু পাৰস্পৰিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত দুয়োপক্ষই মত বিনিময় কৰে ।
প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ ভাৰত ভ্ৰমণৰ প্ৰস্তাৱৰ পৰিপ্ৰেক্ষিতত এই বৈঠকক দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ আলোচনা আৰু দ্বিপাক্ষিক সম্পৰ্ক আগুৱাই নিয়াৰ কূটনৈতিক প্ৰস্তুতিৰ অংশ হিচাপে দেখা গৈছে ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ