
গুৱাহাটী, ১৬ নৱেম্বৰ(হি.স.)। অসম বিধানসভাৰ বিৰোধী দলৰ উপ-দলপতি ডাঃ জয়প্ৰকাশ দাসৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে আজি লখিমপুৰ সমষ্টিৰ অন্তৰ্গত বগীনদীৰ উচ্ছেদিত লোক সকলক সাক্ষাৎ কৰি তেওঁলোকৰ দুখ-দুৰ্দশাৰ বুজ লয়।
প্ৰতিনিধি দলটোত কংগ্ৰেছ নেতা ঘন বুঢ়াগোঁহাই আৰু দুৰ্লভ চমুৱাও উপস্থিত থাকে। দলটোৱে অঞ্চলটোৰ ১৩২টা উচ্ছেদিত পৰিয়ালৰ বৰ্তমানৰ শোচনীয় অৱস্থাৰ বুজ লোৱাৰ লগতে চৰকাৰৰ এই উচ্ছেদ অভিযানক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
উচ্ছেদিত পৰিয়াল সমূহক সাক্ষাতৰ অন্তত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত বিৰোধী উপ-দলপতি ডাঃ জয়প্ৰকাশ দাসে বগীনদীৰ এই উচ্ছেদক চৰম অমানৱীয় আখ্যা দি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা তীব্ৰ ধিক্কাৰ জনায়।
তেওঁ কয় যে উচ্ছেদিত লোকসকল ভাৰতীয় নাগৰিক আৰু চৰকাৰ এখনৰ মূল দায়িত্ব হৈছে নাগৰিক সকলক সুৰক্ষা প্ৰদান কৰা, সংস্থাপন দিয়া আৰু বিপদৰ সময়ত সহায় কৰা।
আজি বগীনদীত যি ভয়াৱহ পৰিস্থিতি দেখা গ’ল, সেয়া মানৱ অধিকাৰ আৰু ভাৰতীয় সংবিধানৰ ২১নং অনুচ্ছেদৰ স্পষ্ট উলংঘন বুলি তেওঁ মন্তব্য কৰে। ঘৰ-বাৰী ভাঙি পেলোৱাৰ পাছত কণ কণ শিশু সকলক যি অমানৱীয় অৱস্থাত মুকলি আকাশৰ তলত ৰখা হৈছে, সেই শিশুসকলৰ কান্দোনে সকলোৰে চকুপানী উলিয়াইছে বুলি উল্লেখ কৰি তেওঁ এই শিশুসকলৰ কান্দোন কোনে শুনিব বুলি প্ৰশ্ন উত্থাপন কৰে।
ডাঃ দাসে স্পষ্ট কৰি দিয়ে যে এই ভূমিহীন পৰিয়াল সমূহে এনেই গৈ উক্ত স্থানত বসবাস কৰা নাছিল। ১৯৮৩ চনৰ এক ঘটনাৰ পাছত বগীনদী আৰক্ষী থানাত ছদিন আশ্ৰয় লৈ থকাৰ অন্তত একালৰ চৰকাৰে নিজেই এই ভূমিহীন লোকসকলক নদীৰ কাষৰ এই মাটিত সংস্থাপন দিছিল।
বৰ্তমান সেই ১৯ বিঘা মাটিত প্ৰায় ১৩০-১৩২টা পৰিয়ালে বসবাস কৰি আহিছিল, য’ত প্ৰতিটো পৰিয়ালৰ ভাগত একঠা মাটিও নপৰে, মাত্ৰ পাঁচ-দহ লেচাকৈহে মাটি পৰে। ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে চৰকাৰে লাখ লাখ বিঘা মাটি আদানি-আম্বানীৰ হাতত গতাই দিব পাৰে, কিন্তু নিজৰ দেশৰ ভূমিহীন নাগৰিকসকলক একঠাকৈও মাটি দিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক।
উচ্ছেদিত লোকসকলক কোনো বিশেষ সম্প্ৰদায়ৰ বুলি অমানৱীয় দৃষ্টিৰে নাচাবলৈ আহ্বান জনাই ডাঃ দাসে কয় যে হিন্দু হওক বা মুছলমান হওক, সকলো মানুহৰে তেজৰ গ্ৰুপ চাৰিটাই আৰু সৃষ্টিকৰ্তাই সকলো মানুহকে একেদৰেই সৃষ্টি কৰিছে; মাথোঁ ধৰ্মহে বেলেগ হ’ব পাৰে।
গতিকে চৰকাৰ, প্ৰশাসন তথা প্ৰতিজন ভাৰতীয় নাগৰিকে এই বিপদগ্ৰস্ত লোকসকলক সহানুভূতিৰে চোৱা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। কাৰোবাৰ ঘৰ ভাঙি চৰকাৰে বাঃ বাঃ লোৱাৰ পৰিৱৰ্তে ঘৰ পাতিহে বাঃ বাঃ ল’ব লাগে বুলি উল্লেখ কৰি তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সংবিধানৰ শপতৰ কথা সোঁৱৰাই দিয়ে। সকলোকে সমান চকুৰে চোৱাৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া ঘৰ ভঙাৰ পাছত এই পৰিয়ালসমূহক পুনৰ ঘৰ সাজি দিয়াৰ দায়িত্বও ল’ব লাগিব বুলি প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে কয়।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ