
গুৱাহাটী, ১৬ নৱেম্বৰ (হি.স.)। প্ৰথম বাহিনী, সশস্ত্ৰ সীমা বল (এছএছবি), সোণাপুৰ বাহিনী চৌহদত সীমান্ত মুখ্য কাৰ্যালয়, সশস্ত্ৰ সীমা বল, গুৱাহাটী আৰু প্ৰথম বাহিনী, সশস্ত্ৰ সীমা বল, সোণাপুৰৰ যৌথ উদ্যোগত আজি সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (জিএমচিএইচ), গুৱাহাটীৰ সহযোগত এটি স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।
সুধীৰ বাৰ্মা, মহাপৰিদৰ্শক, সীমান্ত মুখ্য কাৰ্যালয়, সশস্ত্ৰ সীমা বল, গুৱাহাটীৰ মাৰ্গদৰ্শন আৰু ডাঃ ৰিংকু ডে, কমাণ্ডেণ্ট (মেডিকেল)ৰ তত্ত্বাৱধানত এই শিবিৰত সীমান্ত মুখ্য কাৰ্যালয় আৰু প্ৰথম বাহিনীৰ মুঠ ২৯ গৰাকী বিষয়া আৰু কৰ্মচাৰীয়ে স্বেচ্ছাই ৰক্তদান কৰে। এই কাৰ্যসূচীত সীমান্ত মুখ্য কাৰ্যালয়, গুৱাহাটী আৰু প্ৰথম বাহিনী, সশস্ত্ৰ সীমা বল বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।
এই উপলক্ষে ডাঃ ৰিংকু ডে য়ে উপস্থিত বিষয়া আৰু কৰ্মচাৰীসকলক স্বেচ্ছামূলক ৰক্তদানৰ গুৰুত্ব তথা ইয়াৰ জৰিয়তে প্ৰয়োজনীয় ৰোগীৰ জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰত থকা অমূল্য অৱদানৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে। তেওঁ সকলোকে সময়ে সময়ে স্বেচ্ছাই ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।
অনুষ্ঠানৰ সামৰণিত জিএমচিএইচ, গুৱাহাটীৰ ডাঃ শৈলেন্দ্ৰ কুমাৰ ঠাকুৰীয়াই শিবিৰটো সফলভাৱে আয়োজন কৰাত সহযোগিতা আগবঢ়োৱাৰ লগতে স্বেচ্ছামূলক ৰক্তদান কাৰ্যসূচীত ইতিবাচক আৰু প্ৰশংসনীয় অংশগ্ৰহণৰ বাবে এছ এছ বিৰ সকলো বিষয়া আৰু কৰ্মচাৰীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ।
এই অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল স্বেচ্ছামূলক ৰক্তদানৰ প্ৰতি সজাগতা বৃদ্ধি কৰা আৰু সমাজত মানৱতা, সেৱা তথা নিঃস্বাৰ্থ পৰোপকাৰৰ মনোভাৱ গঢ়ি তোলা ।
---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ