
গুৱাহাটী, ১৬ নৱেম্বৰ (হি.স.)। আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিঙে আজি গুৱাহাটীৰ বিভিন্ন শিশু গৃহৰ পৰা অহা শিশুসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত মিলিত হয় ।
আৰক্ষী সঞ্চালক প্ৰধানৰ বাৰ্ষিক শিশু মিত্ৰ বাৰ্তালাপ কাৰ্যসূচীৰ জৰিয়তে আয়োজিত এই অনুষ্ঠানত শিশুৰ অধিকাৰ, তেওঁলোকৰ অভিজ্ঞতা, ভৱিষ্যতৰ সপোন, আশা-আকাংক্ষা আৰু বিভিন্ন বিষয়ত আলোচনা কৰা হয়। এই মত বিনিময়ৰ জৰিয়তে শিশু সকলে নিজৰ মতামত আৰু মনৰ কথা মুকলিকৈ প্ৰকাশ কৰাৰ সুযোগ লাভ কৰে।
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত শিশুসকলৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে এক সজীৱ আৰু সুন্দৰ পৰিবেশ সৃষ্টি কৰে। তেওঁলোকে নিজৰ মনৰ কথা মুকলিকৈ প্ৰকাশ কৰাৰ উপৰিও কবিতা আবৃত্তি আৰু গীত পৰিৱেশন কৰি অনুষ্ঠানটোক অধিক আকৰ্ষণীয় আৰু স্মৰণীয় কৰি তোলে।
মত বিনিময়ৰ পিছত শিশু সকলক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় পৰিদৰ্শনৰো ব্যৱস্থা কৰা হয়। এই পৰিদৰ্শনকালত তেওঁলোকে আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয় প্ৰত্যক্ষ কৰাৰ লগতে সঞ্চালকপ্ৰধানৰ আসনত বহাৰো এক অনন্য সুযোগ লাভ কৰে। অনুষ্ঠানটোৰ জৰিয়তে শিশুসকলে ৰাজ্যৰ আৰক্ষীৰ কাৰ্যপ্ৰণালীৰ বিষয়ে এক ব্যতিক্ৰমী অভিজ্ঞতা লাভ কৰে।
অসম আৰক্ষীৰ শিশু অধিকাৰ সপ্তাহ উদযাপনৰ অংশ হিচাপে প্ৰতি বছৰে আয়োজন কৰা এই ‘শিশু মিত্ৰ বাৰ্তালাপ’ৰ মূল উদ্দেশ্য হৈছে শিশু আৰু আৰক্ষীৰ মাজত এক অৰ্থৱহ মত বিনিময়ৰ পৰিৱেশ গঢ়ি তোলা। লগতে, শিশুবান্ধৱ আৰক্ষী ব্যৱস্থা, পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিৰ পৰিবেশ অধিক সুদৃঢ কৰা।
অনুষ্ঠানৰ সামৰণিত শিশুসকলৰ মাজত উপহাৰ বিতৰণ কৰা হয় ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ