
নতুন দিল্লী, ১৫ নৱেম্বৰ (হি.স.)। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) দেওবাৰে মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল) ২০২৭ৰ মুম্বাই লেগৰ স্থান সলনি কৰাৰ কথা ঘোষণা কৰে। অৱশ্যে খেলৰ তাৰিখ আৰু সময়সূচীত কোনো সালসলনি কৰা হোৱা নাই।
ডব্লিউ পি এল গভৰ্নিং কাউন্সিলে ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা বৈঠকত প্ৰতিযোগিতাখনৰ পঞ্চম সংস্কৰণৰ মূল স্থান আৰু তাৰিখ অনুমোদন জনায় । সেই সূচী অনুসৰি ১২ৰ পৰা ২০ সংখ্যক মেচ, এলিমিনেটৰ আৰু মুম্বাই লেগৰ ফাইনেল ২০২৭ চনৰ ২৬ জানুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈকে ব্ৰাবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।
ভাৰতীয় ক্ৰিকেট ক্লাবেও ২০২৭ চনৰ ১৪ ফেব্ৰুৱাৰীৰ পৰা উদ্বোধনী মহিলা চেম্পিয়নছ ট্ৰফী আয়োজন কৰাৰ কথা। এই কথা মনত ৰাখি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ডব্লিউ পি এলৰ সামৰণি আৰু বহুজাতিক প্ৰতিযোগিতা আৰম্ভ হোৱাৰ মাজৰ ব্যৱধান যথেষ্ট নহ’ব বুলি উদ্বেগ প্ৰকাশ কৰে। ফলস্বৰূপে মুম্বাইৰ লেগটো স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা হয়।
উল্লেখ্য যে ১৪ জানুৱাৰীৰ পৰা বদোদৰাত আৰম্ভ হ’ব ডব্লিউ পি এল ২০২৭ । প্ৰতিযোগিতাখনৰ প্ৰথম ১১খন খেল অহা ২৪ জানুৱাৰীলৈকে বদোদৰাত অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে প্ৰতিযোগিতাখন মুম্বাইলৈ স্থানান্তৰিত হ’ব, য’ত ৭ ফেব্ৰুৱাৰীত ফাইনেলৰ সৈতে সামৰণি পৰিব। দুয়োটা স্থানৰ সকলো মেচ সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ