নেপালত ₹২২ কোটি মূল্যৰ কোকেইনসহ গ্ৰেপ্তাৰ ভাৰতীয় নাগৰিক
আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্কৰ মূল সদস্য বুলি দাবী কাঠমাণ্ডু, ১৫ নৱেম্বৰ (হি.স.)। নেপালৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰায় ২২ কোটি টকাৰ কোকেইনসহ গ্ৰেপ্তাৰ কৰা হৈছে এজন ভাৰতীয় নাগৰিকক । লোকজনে ১৪ নৱেম্বৰত থাইলেণ্ডৰ পৰা কাঠমাণ
नेपाल से बरामद कोकीन और गिरफ्तार किया गया भारतीय तस्कर


- আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্কৰ মূল সদস্য বুলি দাবী

কাঠমাণ্ডু, ১৫ নৱেম্বৰ (হি.স.)। নেপালৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰায় ২২ কোটি টকাৰ কোকেইনসহ গ্ৰেপ্তাৰ কৰা হৈছে এজন ভাৰতীয় নাগৰিকক । লোকজনে ১৪ নৱেম্বৰত থাইলেণ্ডৰ পৰা কাঠমাণ্ডুত উপস্থিত হয়।

আৰক্ষী অধীক্ষক তথা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ মুখপাত্ৰ দুৰ্গাৰাজা ৰেগমীয়ে উল্লেখ কৰিছে যে ভাৰতৰ মহাৰাষ্ট্ৰৰ বাসিন্দা ৫২ বছৰীয়া ৰেভাজ তিঘ্ৰিক গ্ৰেপ্তাৰ কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে, বিমানযোগে ড্ৰাগছ সৰবৰাহৰ সম্ভাৱনাৰ বাবে সন্দেহযুক্ত লোকৰ প্ৰফাইলিং কৰি আছে । এই তদন্তৰ সময়ত ৰেভাজ তিঘ্ৰিক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে তেওঁ ইয়াৰ পূৰ্বে দুবাৰকৈ নেপাল ভ্ৰমণ কৰিছিল। প্ৰথমবাৰ বিমানযোগে নেপাললৈ যাত্ৰা কৰাৰ বিপৰীতে দ্বিতীয়বাৰ ভাৰতৰ পৰা পথেৰে নেপালত উপস্থিত হয়। আৰক্ষী অধীক্ষক ৰেগমীৰ মতে, তেওঁ লাওছৰ উপৰিও জিম্বাবুৱে, চুডান, বাংলাদেশ, ভিয়েটনাম আৰু কম্বোডিয়া ভ্ৰমণ কৰিছে। আৰক্ষীয়ে দাবী কৰিছে যে ধৃত ব্যক্তিজন আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্কৰ মূল সদস্য। তেওঁৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ প্ৰমাণ পত্ৰও উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ মতে, তেওঁৰ পৰা উদ্ধাৰ হোৱা সাড়ে পাঁচ কিলোগ্ৰাম কোকেইনৰ বজাৰ মূল্য প্ৰায় ২২ কোটি ₹ বুলি অনুমান কৰা হৈছে। আৰক্ষী বিষয়াই জনোৱা মতে, জব্দ কৰা কোকেইন ভাৰতলৈ সৰবৰাহ কৰাৰ কথা আছিল।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande