১৬ নৱেম্বৰৰ পৰা সিন্ধুদুৰ্গ আৰু নৱী মুম্বাইৰ মাজত দৈনিক বিমান সেৱা
মুম্বাই, ১৪ নৱেম্বৰ (হি.স.)। মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গ আৰু নৱী মুম্বাইৰ মাজত ১৬ নৱেম্বৰৰ পৰা নিয়মীয়া বিমান সেৱা আৰম্ভ হ’ব। ফ্লাই৯১ এয়াৰলাইন্সৰ দ্বাৰা পৰিচালিত এই সেৱা সপ্তাহৰ সাত দিন উপলব্ধ হ’ব। সিন্ধুদুৰ্গ জিলাৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী নিতেশ ৰাণে কয
पालकमंत्री नितेश राणे - फोटो सोर्स एक्स


মুম্বাই, ১৪ নৱেম্বৰ (হি.স.)। মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গ আৰু নৱী মুম্বাইৰ মাজত ১৬ নৱেম্বৰৰ পৰা নিয়মীয়া বিমান সেৱা আৰম্ভ হ’ব। ফ্লাই৯১ এয়াৰলাইন্সৰ দ্বাৰা পৰিচালিত এই সেৱা সপ্তাহৰ সাত দিন উপলব্ধ হ’ব।

সিন্ধুদুৰ্গ জিলাৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী নিতেশ ৰাণে কয় যে প্ৰত্যক্ষ বিমান সংযোগে জিলাখনৰ পৰ্যটন বৃদ্ধিৰ লগতে স্থানীয় কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব। ৰাণে কয় যে সিন্ধুদুৰ্গক পৰ্যটন জিলা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ১৯৯৯ চনত তেতিয়াৰ মন্ত্ৰী নাৰায়ণ ৰাণে চিপি-ভেংগুৰলা বিমানবন্দৰ আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত তাৰ পৰাই বিমান সেৱা চলিছিল যদিও কাৰিকৰী কাৰণত বন্ধ কৰি দিয়া হৈছিল। এতিয়া বিমানবন্দৰটো সম্পূৰ্ণৰূপে পৰিচালনা কৰিবলৈ পথ সংযোগ, বিদ্যুৎ যোগান, নিশা অৱতৰণ আদি বাধাসমূহ দূৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।

তেওঁ কয় যে বিমান সেৱাক আৰ্থিকভাৱে বহনক্ষম কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ভায়েবিলিটি গেপ ফাণ্ডিং (ভিজিএফ) প্ৰদানৰ সিদ্ধান্তও গ্ৰহণ কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande