দিব্যা, বিদিত, তেজস্বিন আৰু তৃষাকে ধৰি ১৭ গৰাকী খেলুৱৈ অৰ্জুন বঁটাৰে সন্মানিত
নতুন দিল্লী, ১৩ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ২০২৫ প্ৰদান কৰে। দবা খেলুৱৈ দিব্যা দেশমুখ আৰু বিদিত গুজৰাটী, এথলীট তেজস্বীন শংকৰ তথা বেডমিণ্টন খেলুৱৈ তৃষা জলী আৰু
राष्ट्रपति द्रौपदी मुर्मु शुक्रवार को राष्ट्रपति भवन में आयोजित समारोह में राष्ट्रीय खेल पुरस्कार 2025 प्रदान करती हुईं।


राष्ट्रपति द्रौपदी मुर्मु शुक्रवार को राष्ट्रपति भवन में आयोजित समारोह में राष्ट्रीय खेल पुरस्कार 2025 प्रदान करती हुईं।


राष्ट्रपति भवन में आयोजित कार्यक्रम में खिलाड़ियों को पुरस्कार से नवाजतीं राष्ट्रपति द्रौपदी मुर्मु।


राष्ट्रपति द्रौपदी मुर्मू ने जल साहसिक खेलों (वॉटर एडवेंचर) में उत्कृष्ट उपलब्धियों के लिए रिमो साहा को 'तेनजिंग नोर्गे राष्ट्रीय साहसिक पुरस्कार, 2024' से सम्मानित करती हुईं।


নতুন দিল্লী, ১৩ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ২০২৫ প্ৰদান কৰে। দবা খেলুৱৈ দিব্যা দেশমুখ আৰু বিদিত গুজৰাটী, এথলীট তেজস্বীন শংকৰ তথা বেডমিণ্টন খেলুৱৈ তৃষা জলী আৰু গায়ত্ৰী গোপিচান্দকে ধৰি সোতৰজন খেলুৱৈক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়। ফুটবল খেলুৱৈ ইছাইয়া অৰুণায়াগমক অৰ্জুন বঁটাৰ জীৱনজোৰা সাধনা (লাইফটাইম এচিভমেণ্ট) শাখাত সন্মানিত কৰা হয়। ইফালে নিয়মীয়া শাখাত তিনিজন প্ৰশিক্ষক আৰু জীৱনজোৰা শাখাত দুজন প্ৰশিক্ষকক দ্ৰোনাচাৰ্য বঁটা প্ৰদান কৰা হয়। পুনেস্থিত ভাৰতীয় সেনাৰ পেৰা স্প’ৰ্টছ চেণ্টাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰচাৰ বঁটা লাভ কৰে। এইবাৰ কোনো খেলুৱৈয়ে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰা নাছিল। ২০১৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোনো খেলুৱৈক খেলৰত্ন বঁটাৰে সন্মানিত কৰা হোৱা নাই।

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত এথলেটিকছৰ প্ৰশিক্ষক পাৰবীৰ সিং, বক্সিং প্ৰশিক্ষক ছোটে লাল যাদৱ আৰু শ্বুটিং প্ৰশিক্ষক নেহা নন্দকুমাৰ চাভানক দ্ৰোনাচাৰ্য বঁটা প্ৰদান কৰা হয়। দ্ৰোনাচাৰ্য বঁটাৰ লাইফটাইম এচিভমেণ্ট শাখাত মল্লযুঁজৰ প্ৰশিক্ষক বীৰেন্দ্ৰ কুমাৰ আৰু বক্সিং প্ৰশিক্ষক ধৰ্মেন্দ্ৰ সিং যাদৱক সন্মানিত কৰা হয়। পুনেৰ আৰ্মী পেৰালিম্পিক ন’ডকো ৰাষ্ট্ৰীয় খেল প্ৰত্সাহনপুৰস্কাৰেৰে সন্মানিত কৰা হয়। ৰাষ্ট্ৰপতিৰ পৰা এই বঁটা লাভ কৰে লেফটেনেণ্ট কৰ্ণেল দলজিৎ সিঙে।

অৰ্জুন বঁটা লাভ কৰা সকলৰ ভিতৰত আছে দবা খেলুৱৈ দিব্যা দেশমুখ আৰু বিদিত গুজৰাটী, ডেকাথলন খেলুৱৈ তেজস্বীন শংকৰ, এথলীট মহম্মদ আজমল ভি আৰু ৰেচ ৱাকাৰ প্ৰিয়ংকা গোস্বামী। বেডমিণ্টনত তৃষা জলী আৰু গায়ত্ৰী গোপিচান্দ, বক্সিঙত নৰেন্দ্ৰ, হকীত লালৰেমছিয়ামী আৰু ৰাজকুমাৰ পাল, আৰু কাবাডীত সুৰজীত আৰু পূজা। পেৰা শ্বুটাৰ ধনুশ শ্ৰীকান্ত আৰু ৰুদ্ৰাঞ্চ খাণ্ডেলৱাল, পেৰা এথলীট একতা ভ্যান, ৰোয়াৰ অৰবিন্দ সিং, আৰু শ্বুটাৰ অখিল শ্বেওৰাণকো অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়।

২০২৫ চনত ফিডে মহিলা বিশ্বকাপত জয়লাভ কৰি দিব্যা দেশমুখে এই খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে ২০২৪ চনৰ দবা অলিম্পিয়াডত ভাৰতীয় মহিলা দলৰ সৈতে স্বৰ্ণ পদক লাভ কৰিছিল। একেখন প্ৰতিযোগিতাতে ব্যক্তিগত স্বৰ্ণ পদকও লাভ কৰে। ২০২৪ চনত ৪৫ সংখ্যক ফিডে দবা অলিম্পিয়াডত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় পুৰুষ দলৰ অংশ আছিল বিদিত গুজৰাটী। ২০২৩ চনত তেওঁ ফিডে গ্ৰেণ্ড চুইছ প্ৰতিযোগিতাতো জয়ী হৈছিল।

তেজস্বিন শংকৰে ২০২২ চনৰ কমনৱেলথ গেমছত হাই জাম্পত ব্ৰঞ্জৰ পদক লাভ কৰে । ইয়াৰ পিছত ২০২৩ চনৰ এছিয়ান গেমছত ডেকাথলন ইভেণ্টত ৰূপৰ পদক লাভ কৰে। ২০২৫ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ডেকাথলনত ৰূপৰ পদক লাভ কৰে। ২০২৩ চনৰ এছিয়ান গেমছত পুৰুষৰ ৪x৪০০ মিটাৰ ৰিলেত স্বৰ্ণ পদক আৰু মিক্সড ৰিলেত ৰূপৰ পদক লাভ কৰা ভাৰতীয় দলৰ অংশ আছিল মহম্মদ আজমল ভি। ২০২২ চনৰ কমনৱেলথ গেমছত ১০ কিলোমিটাৰ খোজকঢ়া প্ৰতিযোগিতাত প্ৰিয়ংকা গোস্বামীয়ে ৰূপৰ পদক লাভ কৰে।

২০২৪ চনৰ বেডমিণ্টন এছিয়া টিম চেম্পিয়নশ্বিপত বেডমিণ্টন খেলুৱৈ তৃষা জলী আৰু গায়ত্ৰী গোপিচাণ্ডে সোণৰ পদক লাভ কৰে। ২০২২ চনৰ কমনৱেলথ গেমছত মিক্সড টিম ইভেণ্টত ৰূপৰ পদক আৰু মহিলা ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰে। কিন্তু জাপান মাষ্টাৰছ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে দুয়োগৰাকী খেলুৱৈয়ে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। ২০২৪ চনৰ পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় পুৰুষ দলৰ অংশ আছিল হকী খেলুৱৈ ৰাজকুমাৰ পাল। ভাৰতীয় মহিলা হকী দলৰ সৈতে কমনৱেলথ আৰু এছিয়ান গেমছত পদক অৰ্জন কৰিছে লালৰেমছিয়ামীয়ে। ২০২৩ চনৰ এছিয়ান গেমছত কাবাডী খেলুৱৈ সুৰজীত আৰু পূজাইও সোণৰ পদক লাভ কৰে।

পেৰা স্প’ৰ্টছত ২০২৪ চনৰ বিশ্ব বধিৰ শ্বুটিং চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ ৰাইফল ব্যক্তিগত আৰু মিক্সড টিম ইভেণ্টত ধনুশ শ্ৰীকান্তে দুটাকৈ সোণৰ পদক লাভ কৰে। ২০২৩ চনৰ এছিয়ান পেৰা গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিছিল ৰুদ্ৰাশ খাণ্ডেলৱালে। ২০২৪ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ক্লাব থ্ৰ’ ইভেণ্টত সোণৰ পদক লাভ কৰিছিল একতা ভ্যানে। ২০২৩ চনৰ এছিয়ান গেমছত ৰ’ৱাৰ অৰবিন্দ সিঙে ৰূপৰ পদক লাভ কৰে। শ্বুটাৰ অখিল শ্বেওৰানে ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছত পদক অৰ্জন কৰিছিল।

১৯৬২ চনত এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী ভাৰতীয় ফুটবল দলৰ সদস্য ইছাইয়া অৰুণায়াগমক জীৱনজোৰা সাফল্য শাখাত অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়। ১৯৬৪ চনৰ এ এফ চি এছিয়ান কাপত ৰূপৰ পদক লাভ কৰা ভাৰতীয় দলকো প্ৰতিনিধিত্ব কৰিছিল।

দ্ৰোনাচাৰ্য বঁটা লাভ কৰা প্ৰশিক্ষকৰ ভিতৰত পাৰবীৰ সিঙে খেলুৱৈ তাজিন্দৰপাল সিং তূৰ আৰু অনুৰাণীক প্ৰশিক্ষণ দিছে। ছোটেলাল যাদৱে বক্সাৰ এম চি মেৰী কম, জেচমিন, আৰু সাক্ষীক প্ৰশিক্ষণ দিছে। নেহা নন্দকুমাৰ চাভানে প্ৰশিক্ষণ দিয়া খেলুৱৈসকলৰ ভিতৰত আছে শ্বুটাৰ এলাভেনিল ভালৰিভান, ৰমীতা, আৰু ধনুশ শ্ৰীকান্ত। লাইফটাইম এচিভমেণ্ট শাখাত সন্মানিত মল্লযুঁজৰ প্ৰশিক্ষক বীৰেন্দ্ৰ কুমাৰে সুশীল কুমাৰ, ৰবি কুমাৰ, অমিত কুমাৰ, দীপক পুনিয়াৰ দৰে খেলুৱৈক প্ৰশিক্ষণ দিছে। বক্সিং প্ৰশিক্ষক ধৰ্মেন্দ্ৰ সিং যাদৱে বিকাশ কৃষণ, মঞ্জিত জাংৰা, আৰু মনীষ কৌশিক আদি খেলুৱৈক প্ৰশিক্ষণ দিছে।

পুনেৰ আৰ্মি পেৰালিম্পিক ন’ড ২০১৭ চনৰ ২৩ জুনত, খড়কীৰ বিইজি এণ্ড চেণ্টাৰত স্থাপন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য হৈছে কৰ্তব্যৰ সময়ত বিকলাঙ্গ হৈ পৰা সৈনিকসকলক পুনৰ্বাসন কৰা আৰু তেওঁলোকক পেৰা ক্ৰীড়াৰ বাবে প্ৰস্তুত কৰা। কেন্দ্ৰটোৱে এতিয়ালৈকে নটা খেলত ১৫০ জনৰো অধিক পেৰা খেলুৱৈক প্ৰশিক্ষণ দিছে। ইয়াৰ খেলুৱৈসকলে ৩০০ৰো অধিক পদক লাভ কৰিছে। ২০২২ চনৰ পৰা ইয়াৰ খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৮৭ টা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ১৭০টা পদক লাভ কৰিছে। কেন্দ্ৰটোৰ খেলুৱৈসকলে এটা বিশ্ব অভিলেখ, এটা এছিয়ান অভিলেখ, আৰু ছটা ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিছে। ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত হোকাটো ছেমাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

এই অনুষ্ঠানত তেনজিং নৰ্গে নেশ্যনেল এডভেঞ্চাৰ এৱাৰ্ডছ ২০২৪ প্ৰদান কৰা হয়। হিমাচল প্ৰদেশৰ বলজিৎ কৌৰ আৰু লাডাখৰ স্কালজাং ৰিগজিনে লেণ্ড এডভেঞ্চাৰ শাখাত, ৱাটাৰ এডভেঞ্চাৰ শাখাত পশ্চিম বংগৰ ৰিমো সাহা আৰু লাইফটাইম এচিভমেণ্ট শাখাত উত্তৰাখণ্ডৰ শিৱ প্ৰসাদ চামোলীক বঁটা প্ৰদান কৰা হয়। বলজিৎ কৌৰে ২০২২ চনৰ পৰা ২০২৪ চনৰ ভিতৰত সফলতাৰে এভাৰেষ্ট, অন্নপূৰ্ণা, কিলিমাঞ্জাৰো, মানসলু, মাকালু, লোটছে আৰু কাঞ্চনজঙ্ঘাকে ধৰি সাতটা পৰ্বত শৃংগ আৰোহণ কৰিছিল। স্কালজাং ৰিগজিনে লট্ছে, অন্নপূৰ্ণা আৰু এভাৰেষ্টৰ শিখৰত আৰোহণ কৰিছে। ৰিমো চাহাৱে ৩১ ঘণ্টা ১৭ মিনিটত ইংলিছ চেনেল অতিক্ৰম কৰিছিল। শিৱ প্ৰসাদ চামোলীয়ে পৰ্বতাৰোহণ, স্কিইং আৰু ৰাফটিংৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

প্ৰায় ৩৬ মিনিট ধৰি চলি থকা এই অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডৱিয়া আৰু ক্ৰীড়া সচিব হৰি ৰঞ্জন ৰাওকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত আছিল। ইয়াৰ পূৰ্বে ১৮ আগষ্টত ক্ৰীড়া মন্ত্ৰালয়ে বঁটা বিজয়ীসকলৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰৰ নেতৃত্বত এখন নিৰ্বাচন সমিতিৰ পৰামৰ্শৰ ভিত্তিত এই তালিকা প্ৰস্তুত কৰা হৈছিল। এই সমিতিত বিশিষ্ট খেলুৱৈ, ক্ৰীড়া সাংবাদিকতাৰ সৈতে জড়িত ব্যক্তি আৰু ক্ৰীড়া প্ৰশাসকসকল আছিল।

উল্লেখযোগ্য যে অৰ্জুন বঁটা ১৯৬১ চনত আৰম্ভ কৰা হৈছিল। ক্ৰীড়া, নেতৃত্বৰ সামৰ্থ্য, ক্ৰীড়া আৰু অনুশাসনৰ ক্ষেত্ৰত একেৰাহে চাৰি বছৰ ধৰি উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে এই বঁটা প্ৰদান কৰা হয়। বঁটা বিজয়ীসকলে ১৫ লাখ টকাৰ নগদ পুৰস্কাৰ, অৰ্জুনৰ এটা ব্ৰঞ্জৰ মূৰ্তি আৰু এখন প্ৰমাণপত্ৰ লাভ কৰে। ১৯৮৫ চনত দ্ৰোণাচার্য বঁটা আৰম্ভ কৰা হৈছিল। নিয়মীয়া শ্ৰেণীৰ বিজয়ীসকলক ১০ লাখ টকাৰ নগদ পুৰস্কাৰ আৰু জীৱনজোৰা কৃতিত্ব শ্ৰেণীৰ বিজয়ীসকলক ১৫ লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। পৰম্পৰাগতভাৱে হকীৰ কিংবদন্তি খেলুৱৈ মেজৰ ধ্যান চান্দৰ জন্ম জয়ন্তী ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰা হয়। অৱশ্যে, ক ভিড-১৯ মহামাৰীৰ পিছৰে পৰা অনুষ্ঠানৰ তাৰিখত কোনো ধাৰাবাহিকতা নাই।

--------

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande