কৰ্ণাটকৰ পৰা গোৱালৈ সংযোগ কৰা নতুন বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ
বেংগালুৰু, ১৩ নৱেম্বৰ (হি.স.)। কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫,৬০০ কোটি ₹ৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে তেওঁ নতুন ৰেল আৰু মেট্ৰ’ সংযোগৰ সৈতে জড়িত প্ৰক
কৰ্ণাটকৰ পৰা গোৱালৈ সংযোগ কৰা নতুন বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ


বেংগালুৰু, ১৩ নৱেম্বৰ (হি.স.)। কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫,৬০০ কোটি ₹ৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে তেওঁ নতুন ৰেল আৰু মেট্ৰ’ সংযোগৰ সৈতে জড়িত প্ৰকল্প আৰম্ভ কৰে, আৰু কৰ্ণাটকক গোৱালৈ সংযোগ কৰা নতুন বন্দে ভাৰত ৰে’লখনক ফ্লেগ অফ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে যিকোনো দেশৰ উন্নয়ন যাত্ৰাত আন্তঃগাঁথনিয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উন্নত সংযোগে প্ৰগতি, নিয়োগ, আৰু উদ্যোগৰ বাবে নতুন সুযোগ সৃষ্টি কৰে। যেতিয়া উন্নয়নৰ সুযোগ সমাজৰ প্ৰতিটো শ্ৰেণীত উপনীত হয়, তেতিয়া দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজখন অধিক শক্তিশালী হয়। ফলত যোৱা কিছু বছৰত প্ৰায় ৫০ কোটি নাগৰিকক চৰম দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে।

বেংগালুৰু মেট্ৰ’ৰ নতুন পিংক লাইনৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে ইয়াৰ দ্বাৰা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই আই এম) বেংগালুৰুকে ধৰি কেইবাটাও শিক্ষানুষ্ঠান আৰু প্ৰধান ব্যৱসায়িক, প্ৰযুক্তি, আৰু বাণিজ্যিক কেন্দ্ৰত প্ৰৱেশৰ সুবিধা হ’ব। ইয়াৰ ফলত লাখ লাখ লোকৰ যাতায়তৰ সুবিধা হ’ব আৰু সময় আৰু ধন ৰাহি হ’ব। তেওঁ কয় যে দিল্লী-এনচিআৰ আৰু মুম্বাই মহানগৰ অঞ্চলৰ পিছত বেংগালুৰুৱে ১০০ কিলোমিটাৰ অতিক্ৰম কৰা মেট্ৰ’ নেটৱৰ্ক থকা দেশৰ তৃতীয়খন চহৰ হিচাপে পৰিগণিত হৈছে। ২০১৪ চনত নাম্মা মেট্ৰ’ নেটৱৰ্ক মাত্ৰ ১৭ কিলোমিটাৰ আছিল যদিও এতিয়া ই ১০০ কিলোমিটাৰৰ ওপৰলৈ বৃদ্ধি পাইছে।

ৰে’লৱেৰ আধুনিকীকৰণৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে ভাৰতীয় ৰে’লৱেই ঔপনিৱেশিক মানসিকতাৰ বাহিৰলৈ গৈ নিজস্ব স্বকীয় পৰিচয়েৰে এক নতুন উত্তৰাধিকাৰৰ সৃষ্টি কৰিছে। বন্দে ভাৰত ৰেল আৰু অমৰুট ভাৰত ষ্টেচন এই পৰিৱৰ্তনৰ উদাহৰণ। কৰ্ণাটকৰ ৬০টাতকৈও অধিক ৰেল ষ্টেচন আধুনিকীকৰণ কৰা হৈছে, য’ত চামৰাজনগৰ, চিক্কামাগালুৰু, সাক্লেশপুৰ, আৰু সুব্ৰহ্মণ্য ৰোডৰ দৰে ষ্টেচন আদিও আছে। এই ষ্টেচনসমূহত জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিশেষ সুবিধাৰ ব্যৱস্থা কৰা হৈছে।

তেওঁ কয় যে যোৱা ১০ৰ পৰা ১২ বছৰত ৰে’ল বাজেট বহুগুণ বৃদ্ধি পাইছে, আৰু কৰ্ণাটকৰ ৰে’ল বাজেট আবণ্টন ৯গুণ বৃদ্ধি পাইছে। আজি ৰাজ্যখনে লাভ কৰিছে দুটা ডাবলিং আৰু বিদ্যুৎকৰণ প্ৰকল্পৰ উপহাৰ, লগতে চাৰিটা আমৰুট ষ্টেচন। মাত্ৰ কেইদিনমানৰ আগতে কৰ্ণাটকে প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন লাভ কৰিছিল, আৰু এতিয়া ৰাজ্যখনক গোৱালৈ সংযোগ কৰা আন এখন বন্দে ভাৰত ৰেল উচৰ্গা কৰা হৈছে। ইয়াৰ দ্বাৰা মংগালুৰুকে ধৰি কৰ্ণাটকৰ উপকূলীয় অঞ্চলৰ যাত্ৰীসকলে অৰ্ধ-গীতবেগী ৰে’ল যাত্ৰাৰ এক নতুন অভিজ্ঞতা লাভ কৰিব।

শক্তি সুৰক্ষাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইৰাণ আৰু উপসাগৰীয় অঞ্চলত চলি থকা যুদ্ধই বিশ্বৰ বাবে শক্তি সুৰক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে। বিগত দশকত ভাৰতে পেট্ৰ’ল, ডিজেল, আৰু এল পি জি উৎপাদন বৃদ্ধি, খাৰুৱা তেল জমা কৰা, সৌৰ, জল, আৰু বায়ু শক্তিৰ সম্প্ৰসাৰণ, ৰে’লপথ প্ৰায় সম্পূৰ্ণৰূপে বিদ্যুৎ সংযোগ আদি পদক্ষেপ গ্ৰহণ কৰিছে। এই প্ৰচেষ্টাসমূহে দেশখনে প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সন্মুখীন হ’বলৈ শক্তিশালীভাৱে সক্ষম হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সঞ্চয় বৃদ্ধি আৰু মধ্যবিত্ত শ্ৰেণীক অধিক ব্যৱহাৰযোগ্য আয় প্ৰদানৰ বাবে অহৰহ কাম কৰি আছে। এই পদক্ষেপৰ অংশ হিচাপে ₹১২ লাখ পৰ্যন্ত বাৰ্ষিক আয়ক আয়কৰৰ পৰা ৰেহাই দিয়া হৈছে। জ্যেষ্ঠ নাগৰিক আৰু ভাড়াৰ পৰা আয় কৰাসকলৰ লাভৰ বাবে টিডিএছৰ নিয়ম সলনি কৰা হৈছে। দৈনন্দিন সামগ্ৰীৰ মূল্য হ্ৰাসৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ ৰূপায়ণ কৰা হৈছে। ব্যক্তিগত স্বাস্থ্য আৰু জীৱন বীমাৰ জি এছ টি বাদ দি বীমা অধিক সুলভ কৰি তোলা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ্ণাটকত আৰম্ভ কৰা এই প্ৰকল্পসমূহে ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰাই নহয়, উন্নত ভাৰত গঢ়ি তোলাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মধ্যবিত্ত শ্ৰেণীৰ সঞ্চয় বৃদ্ধি, ক্ৰয় ক্ষমতা মজবুত কৰা, পৰিয়ালৰ সপোন পূৰণ কৰাৰ লগতে দেশৰ অৰ্থনৈতিক প্ৰগতিৰ অংশীদাৰ হ'বলৈ সক্ষম কৰা চৰকাৰৰ প্ৰচেষ্টা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande