
মুম্বাই, ১৩ নৱেম্বৰ (হি.স.)। ভুৱন বামৰ জনপ্ৰিয় ৱেব চিৰিজ ‘ধিণ্ডোৰা’ৰ দ্বিতীয় ছিজনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে । প্ৰায় পাঁচ বছৰৰ মূৰত ভুৱনে নিজৰ আইকনিক চৰিত্ৰ লৈ ঘূৰি আহিছে। নতুন ছিজনত দৰ্শকে ভাৰতীয় কমেডী, পাৰিবাৰিক সংঘাত, আৰু হাস্যৰসময়ী সংলাপৰ ৰূপ দেখিব। বিশেষকৈ টিটু মামাৰ চৰিত্ৰটোক লৈ অনুৰাগীসকল উৎসাহিত হৈ পৰিছে।
ট্ৰেইলাৰত কাহিনীটোৱে টিটু মামাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ ₹১১ কোটি লোকচানৰ হেঁচাত পৰিছে। শহুৰেকৰ সৈতে তেওঁৰ তিক্ত সম্পৰ্ক উন্নত কৰাৰ প্ৰত্যাহ্বানো তেওঁৰ সন্মুখীন হৈছে। এই পৰিস্থিতিত তেওঁৰ প্ৰচেষ্টাই পৰিয়ালটোৰ ভিতৰত এক নতুন আলোড়নৰ সৃষ্টি কৰে, হাস্যৰস আৰু মনোৰঞ্জনমূলক পৰিৱেশৰ সৃষ্টি কৰে। টিটু মামাৰ ষ্টাইল আৰু তেওঁৰ ৱান লাইনাৰ ট্ৰেইলাৰৰ হাইলাইট।
আঠটা খণ্ডৰ এই ধাৰাবাহিকখনৰ পৰিচালনা কৰিছে স্নেহা শ্বেট্টীয়ে। ভুৱন বামৰ লগতে সঞ্জীদা শ্বেখ, কানৱালজীত সিং, অনুপ ছোনী, আৰু হেমন্ত পাণ্ডেকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। ২০২৬ চনৰ ২০ নৱেম্বৰত নেটফ্লিক্সত প্ৰিমিয়াৰ হ'ব ‘ধিণ্ডোৰা ২’।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া