
ঢাকা (বাংলাদেশ), ১৩ নৱেম্বৰ (হি.স.)। ডিচেম্বৰ মাহত দেশৰ পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ঘৰলৈ উভতি অহাৰ ঘোষণাৰ পিছত উত্তপ্ত চৰ্চা মাজতে বৃহস্পতিবাৰে বাংলাদেশত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত ব্ৰেণ্ট টি ক্রিষ্টেনচেনে ভাৰতীয় উচ্চায়ুক্ত দীনেশ ত্ৰিবেদীৰ সৈতে সাক্ষাৎ কৰে। আমেৰিকাৰ দূতাবাসৰ এক সূত্ৰই এই বৈঠক নিশ্চিত কৰিছে যদিও দুয়োজন কূটনীতিবিদৰ মাজত কি সংঘটিত হৈছিল সেই কথা প্ৰকাশ কৰা নাই। সূত্ৰটোৱে বৈঠকখন পুৱা হোৱাৰ কথাহে উল্লেখ কৰে ।
ঢাকা ট্ৰিবিউনৰ প্ৰতিবেদনত এই বৈঠকৰ চমু বিৱৰণী উল্লেখ কৰা হৈছে যে এই বৈঠক ৰাজনৈতিক উত্তেজনা বৃদ্ধি পোৱাৰ সময়ত সংঘটিত হৈছিল । ঢাকাই দীৰ্ঘদিন ধৰি শ্বেখ হাছিনাক প্ৰত্যাৰ্পণৰ বাবে বিচাৰি আহিছে । ২০২৪ চনৰ ৫ আগষ্টৰ পৰা ভাৰতত বসবাস কৰি থকা হাছিনাই ডিচেম্বৰ মাহত ঘৰলৈ উভতি অহাৰ প্ৰতিশ্ৰুতি দিছে খোদ শ্বেখ হাছিনাই । উল্লেখযোগ্য যে চলিত বৰ্ষৰ ১২ জানুৱাৰীত ৰাষ্ট্ৰদূত ক্ৰীষ্টেনচেন ঢাকাত উপস্থিত হোৱাৰ বিপৰীতে জুন মাহত উপস্থিত হৈছিল উচ্চায়ুক্ত দীনেশ ত্ৰিবেদী।
ঢাকা ট্ৰিবিউনত প্ৰকাশিত আন এক প্ৰতিবেদন অনুসৰি শ্বেখ হাছিনাই সৃষ্টি কৰা বিবাদৰ বাবে বাংলাদেশ-ভাৰত দ্বিপাক্ষিক ব্যৱস্থা স্তব্ধ হৈ পৰিছে। এজন বিষয়াই স্বীকাৰ কৰে যে বাংলাদেশ আৰু ভাৰতৰ মাজত পানী, বাণিজ্য, সীমান্ত ব্যৱস্থাপনাকে ধৰি ৪০টাতকৈও অধিক বিষয়ৰ আলোচনা স্থবিৰ হৈ পৰিছে। ১৭-১৮ নৱেম্বৰত ঢাকাত অনুষ্ঠিত হ’বলগীয়া পঞ্চম কনছুলাৰ আলোচনা বাতিল কৰা হৈছে।
অৱশ্যে নতুন দিল্লীত থকা বাংলাদেশ উচ্চায়ুক্তৰ মন্ত্ৰী (প্ৰেছ) ছাইদুৰ ৰহমানে বৃহস্পতিবাৰে উল্লেখ কৰে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰৰ সৈতে জড়িত অনুৰোধৰ এসপ্তাহ পূৰ্বে আলোচনা পিছুৱাই দিয়া হৈছিল। এই আলোচনা বাতিলৰ সৈতে শ্বেখ হাছিনাৰ দেশলৈ উভতি অহাৰ কোনো ঘোষণাৰ কোনো সম্পৰ্ক নাই।
বাংলাদেশ-ভাৰত আলোচনা ব্যৱস্থা ২০১৭ চনত আৰম্ভ কৰা হৈছিল । ইয়াৰ উদ্দেশ্য আছিল কনছুলাৰ বিষয়, ভিছা আৰু পাৰস্পৰিক আইনী সহায়ৰ ওপৰত নিয়মীয়া যোগাযোগৰ মাধ্যম স্থাপন কৰি দুয়োখন দেশৰ মাজত জনসাধাৰণৰ মাজত যোগাযোগ শক্তিশালী কৰা। আলোচনাৰ প্ৰস্তুতিৰ অংশ হিচাপে ৩ নৱেম্বৰত ঢাকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত এখন আন্তঃমন্ত্ৰালয়ৰ বৈঠক অনুষ্ঠিত হয়। এই আলোচনাত সীমা অতিক্ৰম কৰা বিষয়, সীমা ব্যৱস্থাপনা, ভিছাৰ পদ্ধতি সৰল কৰা, ইজনে সিজনৰ দেশত বন্দী হৈ থকা নাগৰিকক ঘূৰাই অনা, মাছমৰীয়াক মুকলি কৰি দিয়া আৰু প্ৰত্যাৱৰ্তনৰ বিষয়ে আলোচনা কৰা হৈছিল। ২০২৪ চনৰ ২৯ মে’ত নতুন দিল্লীত চতুৰ্থ ৰাউণ্ডৰ সংলাপ অনুষ্ঠিত হয়।
ইফালে পানীৰ ভাগ-বতৰাক লৈ দীৰ্ঘদিনীয়া বিবাদ আৰু সীমা অতিক্ৰম কৰা পানী ব্যৱস্থাপনাৰ সৈতে জড়িত নতুন প্ৰত্যাহ্বানসমূহ অধিক গুৰুতৰ হৈ পৰিছে। গংগা জল সন্ধিৰ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই ৩ নৱেম্বৰত কয় যে তেওঁলোকৰ যৌথ নদী আয়োগ আছে । তেওঁ কয়, গংগাকে ধৰি সকলো সীমা অতিক্ৰম কৰা নদীৰ বিষয়ে আলোচনাৰ বাবে এইটোৱেই প্ৰতিষ্ঠিত ব্যৱস্থা। এই বিষয়ত অধিক অগ্ৰগতিৰ কথা ক'বলৈ গ'লে এই সময়ত মোৰ হাতত কোনো নতুন তথ্য নাই। ডিচেম্বৰ মাহত গংগা জল সন্ধিৰ ম্যাদ উকলিব । সেয়েহে বাংলাদেশে এক ন্যায্য আৰু বহনক্ষম পানী ভাগ-বতৰা ব্যৱস্থা নিশ্চিত কৰাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইয়াৰ উপৰিও অন্যান্য ভাগ-বতৰা নদীৰ ক্ষেত্ৰতো সহযোগিতা শক্তিশালী কৰিব লাগিব।’’
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ