অমিত শ্বাহক ড° সঞ্জয় নিষাদৰ সাক্ষাৎ, ২০২৭ চনৰ নিৰ্বাচনক লৈ চৰ্চা
নতুন দিল্লী, ১৩ নৱেম্বৰ (হি.স.)। নিষাদ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী ড০ সঞ্জয় নিষাদে শুকুৰবাৰে নতুন দিল্লীস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত নিষাদ সম্প্ৰদায়ৰ সৈতে জড়িত বিভ
निषाद पार्टी के राष्ट्रीय अध्यक्ष एवं उत्तर प्रदेश सरकार में मंत्री डॉ. संजय निषाद ने शुक्रवार को केंद्रीय गृहमंत्री अमित शाह से नई दिल्ली स्थित उनके आवास पर की शिष्टाचार भेंट


নতুন দিল্লী, ১৩ নৱেম্বৰ (হি.স.)। নিষাদ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী ড০ সঞ্জয় নিষাদে শুকুৰবাৰে নতুন দিল্লীস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত নিষাদ সম্প্ৰদায়ৰ সৈতে জড়িত বিভিন্ন বিষয়, দলীয় বিষয়া-কৰ্মচাৰী সম্পৰ্কীয় বিষয় আৰু আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। ড° সঞ্জয় নিষাদে গৃহমন্ত্ৰীক সমাজৰ দাবী সন্দৰ্ভত এখন পত্ৰও দাখিল কৰে।

বৈঠকৰ সময়ত নিষাদ পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিয়ে আগন্তুক ২০২৭ চনৰ বিধানসভা নিৰ্বাচনত মিত্ৰতা হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা, বিজয়ৰ কৌশল, ৰাজনৈতিক সমীকৰণৰ সন্দৰ্ভত ইতিবাচক আলোচনা হয়। সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ড০ সঞ্জয় নিষাদে কয় যে নিষাদ পাৰ্টিৰ বাবে তেওঁৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শন সদায় গুৰুত্বপূৰ্ণ হৈ আহিছে। তেওঁ লগতে কয় যে অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত সমাজৰ স্বাৰ্থ আৰু সংগঠনৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত অৰ্থপূৰ্ণ আলোচনা অনুষ্ঠিত হয়।

২০২৭ চনত উত্তৰ প্ৰদেশত ব্যাপক সংখ্যাগৰিষ্ঠতাৰে এন ডি এ চৰকাৰ গঠন হ’ব বুলি আস্থা প্ৰকাশ কৰে ড০ সঞ্জয় নিষাদে। তেওঁ কয় যে যেতিয়াই দুজন নেতাৰ সাক্ষাৎ হয় তেতিয়াই ৰাজনৈতিক বিষয়ত আলোচনা কৰাটো স্বাভাৱিক। আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত হোৱা আলোচনাও এই ৰাজনৈতিক প্ৰক্ৰিয়াৰ অংশ।

তেওঁ উল্লেখ কৰে যে নিষাদ জনগোষ্ঠীৰ স্বাৰ্থ ৰক্ষা কৰা আৰু জনগোষ্ঠীৰ সৈতে জড়িত সমস্যা সমাধান কৰাটো দলৰ অগ্ৰাধিকাৰ। বিজেপিৰ সৈতে সমন্বয় আৰু সহযোগিতাৰ জৰিয়তে আগন্তুক নিৰ্বাচনত এন ডি এৰ জয় নিশ্চিত কৰাৰ বাবে ইতিবাচক প্ৰচেষ্টা চলোৱা হৈছে। এই সৌজন্য আহ্বানৰ সময়ত নিছাদ পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা প্ৰাক্তন সাংসদ প্ৰবীণ নিষাদ আৰু বিধায়ক সৰৱান নিষাদো উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande