কামাখ্যা ৰে’ল ষ্টেচনত ভাৰত স্কাউটছ এণ্ড গাইডছৰ স্বেচ্ছাসেৱক সকলৰ যাত্ৰী সকলক সহায় সহযোগ
গুৱাহাটী, ১২ নৱেম্বৰ (হি.স.)। দেৱালী আৰু ছট পূজাৰ আয়োজনৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই কামাখ্যা ৰে’লৱে ষ্টেচনত যাত্ৰীৰ বাবে সহায়-সহযোগিতা সুদৃঢ় কৰি তুলিছে । উত্তৰ পূব সীমান্ত ৰেলৱেৰ ভাৰত স্কাউটছ এণ্ড গাইডছৰ মুখ্য কাৰ্যালয়ৰ জিলা সংস্থাৰ স
কামাখ্যা ৰে’ল ষ্টেচনত ভাৰত স্কাউটছ এণ্ড গাইডছৰ স্বেচ্ছাসেৱক সকলৰ যাত্ৰী সকলক সহায় সহযোগ


গুৱাহাটী, ১২ নৱেম্বৰ (হি.স.)। দেৱালী আৰু ছট পূজাৰ আয়োজনৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই কামাখ্যা ৰে’লৱে ষ্টেচনত যাত্ৰীৰ বাবে সহায়-সহযোগিতা সুদৃঢ় কৰি তুলিছে । উত্তৰ পূব সীমান্ত ৰেলৱেৰ ভাৰত স্কাউটছ এণ্ড গাইডছৰ মুখ্য কাৰ্যালয়ৰ জিলা সংস্থাৰ স্বেচ্ছাসেৱক সকলে যাত্ৰীসকলক সুৰক্ষিতভাৱে ৰেলত উঠিবলৈ আৰু নামি যোৱাত সহায় কৰাৰ অৰ্থে প্লেটফৰ্মত ৰে’ল সুৰক্ষা বাহিনীৰ জোৱান আৰু বাণিজ্যিক কৰ্মচাৰীবৰ্গৰ সৈতে সহযোগিতা আগবঢ়ায়।

আজি এন এফ ৰেলৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই সংবাদ মাধ্যমক অবগত কৰে যে, কামাখ্যা ৰেলৱে ষ্টেচনত ভিৰ ব্যৱস্থাপনা হৈছে ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱান আৰু বাণিজ্যিক কৰ্মচাৰীবৰ্গৰ নিয়মীয়া কাম-কাজৰেই এক অংশ।

উৎসৱৰ ভিৰৰ সময়ত, স্কাউটছ এণ্ড গাইডছৰ স্বেচ্ছাসেৱকসকলে ডবাৰ দুৱাৰৰ সমীপত শাৰী পাতি থকাৰ লগতে ৰেলৰ যাত্ৰীসকলক অন্যান্য যাত্ৰী উঠাৰ পূৰ্বেই নামিবলৈ সহায় কৰে। তেওঁলোকে তীৰ্থযাত্ৰী আৰু দীৰ্ঘ দূৰত্বৰ যাত্ৰীসকলক বিনামূলীয়া খোৱাপানীও বিতৰণ কৰে।

মুখ্য কাৰ্যালয়ৰ জিলা সংস্থাই উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰধান মুখ্য সুৰক্ষা আয়ুক্তৰ প্ৰেৰণা আৰু পৰামৰ্শ অনুসাৰে উত্তৰ পূব সীমান্ত ৰেলৱে ভাৰত স্কাউটছ এণ্ড গাইডছৰ ৰাজ্যিক মুখ্য আয়ুক্তৰ নিৰ্দেশনাত এই স্বেচ্ছাসেৱী পদক্ষেপৰ আয়োজন কৰে।

উত্তৰ পূব সীমান্ত ৰেলৱেই সমগ্ৰ সংমণ্ডলটোৰ বিভিন্ন ষ্টেচনৰ পৰা উৎসৱ বিশেষ ৰে’ল চলাই আহিছে আৰু দীপাৱলী আৰু ছট পূজাৰ বাবে নিজ নিজ গৃহ চহৰ আৰু তীৰ্থস্থানলৈ যাত্ৰা কৰা অধিক তীৰ্থযাত্ৰীক সুবিধা প্ৰদানৰ বাবে বিদ্যমান সেৱাত অতিৰিক্ত ডবা সংযোজন কৰিছে।

যাত্ৰীৰ সুৰক্ষা আৰু ভিৰ ব্যৱস্থাপনা হৈছে এক অগ্ৰাধিকাৰৰ বিষয়, বিশেষকৈ যাত্ৰা আৰম্ভ কৰা ৰে’লসমূহৰ বাবে বা হল্ট ষ্টেচনসমূহৰ বাবে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত, উত্তৰ পূব সীমান্ত ৰেলৱেই বতৰ প্ৰতিৰোধী হোল্ডিং ক্ষেত্ৰ স্থাপন কৰি আহিছে য’ত যাত্ৰীসকলে তেওঁলোকৰ প্লেটফৰ্মলৈ যোৱাৰ আগতে অপেক্ষা কৰিব পাৰে।

অতিৰিক্ত টিকট কাউণ্টাৰ আৰু স্বয়ংক্ৰিয় টিকট ভেণ্ডিং মেচিনসমূহে যাত্ৰীসকলৰ বাবে টিকট ক্ৰয় কৰাটো সুগম কৰি তোলাৰ লগতে ৰাজহুৱা ঘোষণা প্ৰণালীৰ দ্বাৰা তেওঁলোকক ৰেলৰ সময়সূচী আৰু প্লেটফৰ্ম নম্বৰৰ বিষয়ে অৱগত কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা, পোহৰ আৰু অনাময় সুবিধাসমূহৰো অহৰহ নিৰীক্ষণ কৰি আছে।

চব্বিশ ঘণ্টাৰ নিয়ন্ত্ৰণ কক্ষই এই ব্যৱস্থাসমূহৰ সমন্বয় কৰি শীৰ্ষ ভ্ৰমণৰ সময়ত ষ্টেচনৰ কৰ্মচাৰীবৰ্গক সহায়-সহযোগিতা আগবঢ়াইছে। ছট পূজাৰ পূৰ্বে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰে’লৱে ষ্টেচনসমূহত যাত্ৰীসকলক উৎসৱৰ সৈতে সম্পৰ্কিত পৰম্পৰাগত ভক্তিমূলক ছট গীতৰ সৈতে স্বাগতম জনোৱাৰো পৰিকল্পনা কৰিছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande