
ঢাকা (বাংলাদেশ), ১২ নৱেম্বৰ (হি.স.)। বাংলাদেশৰ এগৰাকী সাংসদৰ পৈত্ৰিক বাসগৃহত দুৰ্বৃত্তই পেট্ৰ’ল বোমা নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। বৃহস্পতিবাৰে মাজনিশা কুষ্টিয়াৰ দৌলতপুৰ মহকুমাৰ ৰাষ্ট্ৰীয় নাগৰিক পাৰ্টি (এনচিপি)ৰ সাংসদ নুছৰত তবাছুমৰ পূৰ্বপুৰুষৰ ঘৰৰ পাঁচটা কোঠা অগ্নিকাণ্ডত জাহ যায়। আক্রমণকাৰীয়ে ঘৰটোত পেট্ৰ’ল বোমা নিক্ষেপ কৰাৰ অভিযোগ কৰে দলৰ নেতাসকলে ৷ মাজনিশাৰ বগোৱান গাঁৱৰ সাংসদগৰাকীৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।
ঢাকা ট্ৰিবিউনৰ মতে, পুৱা প্ৰায় ১:৫০ বজাত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে যদিও এমহলীয়া টিনৰ চালযুক্ত ঘৰটোৰ আঠটা কোঠাৰ ভিতৰত পাঁচটা কোঠা সম্পূৰ্ণৰূপে ধ্বংস হয়। অগ্নিকাণ্ডত দুটা ছাগলীৰো মৃত্যু হয়। দলৰ নেতাসকলৰ অভিযোগ যে ঘৰটো ইচ্ছাকৃতভাৱে পেট্ৰ’ল বোমাৰে লক্ষ্য কৰি লোৱা হৈছিল। এই ঘটনাক লৈ আৱামী লীগৰ সৈতে জড়িত ব্যক্তিক দোষাৰোপ কৰে।
অৱশ্যে আৰক্ষীয়ে জনোৱা মতে, অগ্নিকাণ্ডৰ কাৰণ এতিয়াও নিৰ্ণয় কৰা হোৱা নাই, কোনো বিস্ফোৰক বা জ্বলনশীল সামগ্ৰী ব্যৱহাৰ কৰা হৈছে নে নাই সেয়াও নিশ্চিত হোৱা নাই।
ভেৰেমৰা চক্ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দিলাৱাৰ হুছেইনে জনোৱা মতে, অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়। তেওঁ কয় যে জুইয়ে ঘৰটোৰ যথেষ্ট ক্ষতিসাধন কৰে যদিও ওচৰৰ তিনিমহলীয়া অট্টালিকাটোলৈ বিয়পি পৰা নাছিল য’ত তবাছুমৰ পিতৃ-মাতৃ থাকে।
আৰক্ষী বিষয়াগৰাকীৰ মতে, পৰিয়ালৰ লোকসকল সুৰক্ষিত। এন চি পিৰ মিডিয়া চেলে ফেচবুক পোষ্টযোগে অভিযোগ কৰে যে আৱামী সমৰ্থকে সাংসদগৰাকীৰ বাসগৃহত পেট্ৰ’ল বোমা নিক্ষেপ কৰে। এন চি পিৰ মুখপাত্ৰ আছিফ মাহমুদ ছাজিব ভূঞাই এটা সুকীয়া ফেচবুক পোষ্টত অভিযোগ কৰে যে ঘৰটো পেট্ৰ’ল বোমাৰে লক্ষ্য কৰি লোৱা হৈছে।
তবাছুম এন চি পিৰ যুটীয়া আহ্বায়ক আৰু দলৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক সংস্থা ৰাজনৈতিক পৰিষদৰ সদস্য। ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদত মহিলাৰ বাবে সংৰক্ষিত আসন এখনক প্ৰতিনিধিত্ব কৰে। অতিৰিক্ত আৰক্ষী অধীক্ষক দিলাৱাৰ হুছেইনে কয় যে তদন্তকাৰীয়ে এতিয়াও নিৰ্ণয় কৰিব পৰা নাই যে পেট্ৰ’ল বোমা আক্ৰমণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে নে নাই।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ