
ঝান্সী, ০৯ অক্টোবৰ (হি.স.)। অহা ১০ অক্টোবৰৰ পৰা উত্তৰ প্ৰদেশৰ ঝান্সীত আৰম্ভ হ’ব হকী ইণ্ডিয়া ছিনিয়ৰ পুৰুষৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ২০২৬।২১ অক্টোবৰলৈকে চলিবলগীয়া এই প্ৰতিযোগিতাত মুঠ ২৯টা দলে তিনিটা বিভাগত অংশগ্ৰহণ কৰিব । প্ৰতিযোগিতাৰ অন্তিম দিনা অনুষ্ঠিত হ’ব ডিভিজন এ ফাইনেল।
২০২৫ চনৰ সংস্কৰণৰ ৰেংকিঙৰ ভিত্তিত দলসমূহক তিনিটা বিভাগত স্থান দিয়া হৈছে। এই চেম্পিয়নশ্বিপত দেশৰ বিভিন্ন প্ৰান্তৰ দলসমূহে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ লগতে ৰাষ্ট্ৰীয় খিতাপৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব।
পূৰ্বৰ সংস্কৰণত হকী পঞ্জাবে ডিভিজন এ ফাইনেলত হকী মধ্যপ্ৰদেশক ৪-১ গ’লত পৰাস্ত কৰি ১৫ সংখ্যক ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপ ২০২৫ খিতাপ দখল কৰে। তৃতীয় স্থানৰ খেলখনত হকী মণিপুৰক ৫-১ গ’লত পৰাস্ত কৰি হকী উত্তৰ প্ৰদেশে ব্ৰঞ্জৰ পদক লাভ কৰে।
ডিভিজন এত ১২টা দল, ১৪ অক্টোবৰৰ পৰা মেচ
ডিভিজন এৰ ১২টা দলক চাৰিটা পুলত ভাগ কৰা হৈছে। পুল এত হকী পঞ্জাব, তামিলনাডুৰ হকী ইউনিট, আৰু হকী বংগ অন্তৰ্ভুক্ত। পুল বিত হকী মধ্যপ্ৰদেশ, হকী মহাৰাষ্ট্ৰ, আৰু এল ই পুডুচেৰী হকী অন্তৰ্ভুক্ত। পুল চিত হকী উত্তৰ প্ৰদেশ, হকী কৰ্ণাটক, আৰু হকী চণ্ডীগড় অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে পুল ডিত মণিপুৰ হকী, হকী হাৰিয়ানা, আৰু দিল্লী হকী অন্তৰ্ভুক্ত।
১৪ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ডিভিজন এৰ মেচ।পুল পৰ্যায়ৰ পিছত ১৮ অক্টোবৰত কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ’ব।প্ৰতিটো পুলৰ পৰা শীৰ্ষ দুটা দলে নকআউট পৰ্যায়লৈ আগবাঢ়িব। ১৯ অক্টোবৰত অনুষ্ঠিত হ’ব ছেমি ফাইনেলৰ বিপৰীতে ২১ অক্টোবৰত তৃতীয় স্থানৰ মেচ আৰু ফাইনেল অনুষ্ঠিত হ’ব।
ডিভিজন বিত ১০টা আৰু ডিভিজন চিত সাতটা দল
ডিভিজন বিৰ ১০টা দলে দুটা পুলত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। পুল এত হকী এছ’চিয়েশ্যন অৱ ওড়িশা, অসম হকী, কেৰেলা হকী, হকী উত্তৰাখণ্ড, আৰু ছত্তীশগড় হকী অন্তৰ্ভুক্ত। পুল বিত হকী ঝাৰখণ্ড, তেলেংগানা হকী, গোৱান্স হকী, দাদৰা এণ্ড নগৰ হাভেলী আৰু দমন এণ্ড ডিউ হকী, আৰু হকী অৰুণাচল অন্তৰ্ভুক্ত।
ডিভিজন চি দুটা পুলত ৭টা দলে অংশগ্ৰহণ কৰিব। পুল এত হকী মিজোৰাম, হকী হিমাচল, আৰু হকী জম্মু আৰু কাশ্মীৰ অন্তৰ্ভুক্ত। পুল বিত হকী অন্ধ্ৰ প্ৰদেশ, হকী ৰাজস্থান, বিহাৰ (বিএছএছএ), আৰু হকী গুজৰাট অন্তৰ্ভুক্ত।
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ডিভিজন বি আৰু ডিভিজন চিৰ মেচ।তিনিও বিভাগৰ দলসমূহে নিজৰ অভিযান শক্তিশালীভাৱে আৰম্ভ কৰাৰ লগতে খিতাপৰ দৌৰত আগবাঢ়ি যোৱাৰ লক্ষ্য ৰাখিব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ