
নতুন দিল্লী, ০৯ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ তিনিদিনীয়া আনুষ্ঠানিক ভ্ৰমণৰ বাবে শুকুৰবাৰে ছিংগাপুৰত উপস্থিত হয় । ৯-১১ অক্টোবৰলৈ চলিবলগীয়া এই ভ্ৰমণৰ সময়ছোৱাত বিত্তমন্ত্ৰীয়ে ছিংগাপুৰৰ শীৰ্ষ নেতৃত্ব, বিশ্ব বিনিয়োগকাৰী, উদ্যোগৰ নেতাসকলৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ’ব। এই বৈঠকসমূহৰ লক্ষ্য হৈছে দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক শক্তিশালী কৰা।
এক্সৰ ওপৰত এটা পোষ্টত বিত্ত মন্ত্ৰালয়ে উল্লেখ কৰিছে যে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমনক আজি ছিংগাপুৰৰ চাংগী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভাৰতীয় উচ্চায়ুক্ত শিলপক আম্বুলেই আদৰণি জনায়। তিনিদিনীয়া আনুষ্ঠানিক ভ্ৰমণৰ সময়ত ছিংগাপুৰৰ নেতা আৰু বিশ্ব বিনিয়োগকাৰীক সাক্ষাৎ কৰিব নিৰ্মলা সীতাৰমণে।
এই ভ্ৰমণৰ সময়ত সীতাৰমণে ছিংগাপুৰৰ শীৰ্ষ চৰকাৰী নেতৃত্বৰ সৈতে সাক্ষাৎ কৰিব আৰু ব্যৱসায় আৰু বিনিয়োগকাৰী সম্প্ৰদায়ৰ জ্যেষ্ঠ সদস্যসকলৰ লগতে বিশ্বব্যাপী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। মন্ত্ৰালয়ৰ তথ্য অনুসৰি সীতাৰমণে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান শনমুগাৰত্নম, প্ৰধানমন্ত্ৰী লৰেন্স ৱং, উপ-প্ৰধানমন্ত্ৰী গন কিম ইয়ং, আৰু বৈদেশিক মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনক সাক্ষাৎ কৰিব।
বিত্ত মন্ত্ৰালয়ৰ মতে, বিনিয়োগকাৰীৰ সৈতে তেওঁৰ যোগাযোগৰ অংশ হিচাপে সীতাৰমণে হেজ ফাণ্ড আৰু পৰ্টফলিঅ’ ফাণ্ড পৰিচালকৰ সৈতে এখন গোলটেবুলত অংশগ্ৰহণ কৰিব। বিনিয়োগকাৰী, বিত্তীয় প্ৰতিষ্ঠান, উদ্যোগৰ নেতাসকলৰ সৈতেও কেইবাখনো চৰকাৰী ব্যৱসায় (জি টু বি) বৈঠক অনুষ্ঠিত কৰিব।
উল্লেখযোগ্য যে ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই)ৰ সৰ্বাধিক উৎস ছিংগাপুৰ। ২০০০ চনৰ এপ্ৰিলৰ পৰা ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ছিংগাপুৰৰ পৰা মুঠ ১৯৪.৬৮ বিলিয়ন ডলাৰ আহিছে। জিআইচি আৰু টেমাছেককে ধৰি ছিংগাপুৰস্থিত প্ৰতিষ্ঠানিক বিনিয়োগকাৰীয়ে ভাৰতীয় অৰ্থনীতিৰ বিভিন্ন খণ্ডত যথেষ্ট বিনিয়োগ কৰিছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ