
বেইজিং, ০৮ অক্টোবৰ (হি.স.)। ভাৰতৰ মনুষ শ্বাহ আৰু মানৱ ঠক্কৰে বৃহস্পতিবাৰে ডব্লিউ টি টি চাইনা স্মাছ ২০২৬ৰ পুৰুষৰ ডাবলছ ছেমিফাইনেলত প্ৰৱেশ কৰে । ভাৰতীয় যুটিয়ে কোৱাৰ্টাৰ ফাইনেলত ধাৰাবাহিক খেলত চীনৰ লিয়াং জিংকুন আৰু ছিয়াং পেঙক ৩-০ ব্যৱধানত পৰাস্ত কৰে।
দ্বিতীয় ছিড ভাৰতীয় যুটিটোৱে ১৯ মিনিটৰ খেলত ১১-৯, ১১-৫, ১১-৪ ব্যৱধানত জয়লাভ কৰে। খেলখন আগবাঢ়ি যোৱাৰ লগে লগে মানুষ আৰু মানৱে নিজৰ আধিপত্য বৃদ্ধি কৰি একেৰাহে তিনিখন খেলত জয়লাভ কৰি অন্তিম চাৰিখনলৈ আগবাঢ়ি যায়।
এতিয়া ছেমিফাইনেলত ছুইডেনৰ এণ্টন কলবাৰ্গ আৰু ক্রিষ্টিয়ান কাৰ্লচেন আৰু দক্ষিণ কোৰিয়াৰ লিম জংহুন আৰু অহ জুনছঙৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ বিজয়ী দলৰ সৈতে মুখামুখি হ’ব৷
বৃহস্পতিবাৰে মিক্সড ডাবলছৰ ছেমিফাইনেলতো অংশগ্ৰহণ কৰিব মনুষ শ্বাহে। তেওঁ দিয়া চিটালেৰ সৈতে অংশীদাৰ হ’ব আৰু চীনৰ টাইপেই যুটি লিন ইউন-জু আৰু চেং আই-চিঙৰ সৈতে মুখামুখি হ’ব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ