
মুম্বাই, ০৭ অক্টোবৰ (হি.স.)। অভিনেত্ৰী কিয়াৰা আদৱানী আৰু অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা অতি সোনকালে দ্বিতীয়বাৰৰ বাবে পিতৃ-মাতৃ হ’বলৈ ওলাইছে। এটা মৰমলগা ফটো শ্বেয়াৰ কৰি অনুৰাগীৰ সৈতে এই সুখৰ খবৰটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে। ফটোখনত দেখা গৈছে তেওঁলোকৰ কন্যা চৰাইয়াৰ সৈতে। এই খবৰ ওলোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত অনুৰাগী আৰু বলীউডৰ তাৰকাৰ পৰা অভিনন্দন ঢালিবলৈ ধৰিলে।
কিয়াৰা আৰু সিদ্ধাৰ্থই ইনষ্টাগ্ৰামত ফটোখন শ্বেয়াৰ কৰি লিখিছে, ‘আকৌ এবাৰ সৰ্বশ্ৰেষ্ঠ উপহাৰেৰে ধন্য হৈ আমাৰ হৃদয় মৰম আৰু কৃতজ্ঞতাৰে ভৰি পৰিছে। ফটোখনত তেওঁলোকে কন্যাৰ সৈতে হাতেৰে বোৱা কেঁচুৱাৰ জোতা লৈ থকা দেখা গৈছে। উল্লেখযোগ্য যে এই ফটোখনৰ ষ্টাইল তেওঁলোকৰ প্ৰথম কন্যাৰ জন্মৰ ঘোষণাৰ লগত বহুত মিল আছে।
এই বিশেষ পোষ্টটোৰ প্ৰতি সঁহাৰি জনাই প্ৰথমে কৰণ জোহৰে হৃদয়ৰ ইমোজিৰে প্ৰেম প্ৰেৰণ কৰিছিল। আথিয়া শ্বেট্টী, ভূমি পেডনেকাৰ, ৰিয়া কাপুৰ, ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাকে ধৰি বহু চেলিব্ৰিটিয়েও দম্পতীহালক অভিনন্দন জনায়।
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত কিয়াৰা আৰু সিদ্ধাৰ্থৰ ৰাজস্থানত বিবাহপাশত আবদ্ধ হয়।২০২৫ চনত প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হয়, কন্যা চৰাইয়াক আদৰণি জনাই। দম্পতীহালে নিজৰ ব্যক্তিগত জীৱনক বহুলাংশে লাইমলাইটৰ পৰা আঁতৰাই ৰাখে আৰু বিশেষ অনুষ্ঠানতহে অনুৰাগীৰ সৈতে ব্যক্তিগত মুহূৰ্তসমূহ শ্বেয়াৰ কৰে। এতিয়া তেওঁলোকৰ দ্বিতীয় সন্তানৰ খবৰৰ লগতে তেওঁলোকৰ পৰিয়ালত আন এজন কণমানি অতিথিৰ আগমনে অনুৰাগীসকলক উত্তেজিত কৰি তুলিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ