
কাঠমাণ্ডু, ০৬ অক্টোবৰ (হি.স.)। বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়া আঞ্চলিক কাৰ্যালয়ৰ আঞ্চলিক সঞ্চালকৰ পদৰ বাবে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে নেপালে ৷ এই পদৰ বাবে স্বাস্থ্য আৰু খাদ্য সুৰক্ষা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ডাঃ সংগীতা কৌশল মিশ্ৰক মনোনীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
বাংলাদেশৰ প্ৰাক্তন আঞ্চলিক সঞ্চালক ছাইমা ৱাজেদৰ পদত্যাগৰ পিছতে এই পদ খালী হৈ পৰে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, চৰকাৰে মিশ্ৰৰ প্ৰাৰ্থীত্ব আগবঢ়াই নিয়াৰ সিদ্ধান্ত লোৱাৰ লগতে সদস্য দেশৰ পৰাও সমৰ্থন লাভৰ বাবে কূটনৈতিক প্ৰচেষ্টাও আৰম্ভ কৰিছে।
নতুন আঞ্চলিক সঞ্চালকগৰাকীৰ নিৰ্বাচনৰ আনুষ্ঠানিক সময়সূচী ঘোষণা কৰিবলৈ প্ৰস্তুতি চলাইছে বিশ্ব স্বাস্থ্য সংস্থাই। সূত্ৰ অনুসৰি, ১২ অক্টোবৰৰ পৰা মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, আৰু ২৪ জানুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। নেপালৰ উপৰিও ভূটান, মালদ্বীপ, আৰু শ্ৰীলংকাইও প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ প্ৰস্তুতি চলাইছে।
ডব্লিউ এইচ অ’ৰ দক্ষিণ-পূব এছিয়া অঞ্চলত মুঠ ১১খন সদস্য দেশ আছে। অৱশ্যে এইবাৰ মাত্ৰ ১০খন দেশেহে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ২০২১ চনৰ সামৰিক অভ্যুত্থানৰ পিছত ৰাষ্ট্ৰসংঘই জাৰি কৰা নিষেধাজ্ঞাৰ বাবে ম্যানমাৰে বিৰত থাকিব।
এই নিৰ্বাচনত নেপাল, ভাৰত, ভূটান, উত্তৰ কোৰিয়া, মালদ্বীপ, শ্ৰীলংকা, থাইলেণ্ড, টিমৰ-লেষ্টেকে ধৰি সদস্য দেশসমূহৰ ভোট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ভাৰতৰ এই স্থিতিয়ে নিৰ্বাচনৰ ফলাফলত যথেষ্ট প্ৰভাৱ পেলাব পাৰে।
স্বাস্থ্য মন্ত্ৰালয়ৰ এজন বিষয়াই কয় যে, মন্ত্ৰী পৰিষদে তেওঁক আঞ্চলিক সঞ্চালকৰ পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ সিদ্ধান্ত লৈছে। আমি এতিয়া সদস্য দেশৰ পৰা ভোট আৰু সমৰ্থন আহৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছো।
ইয়াৰ পূৰ্বে নেপালে ২০২৩ চনৰ আঞ্চলিক সঞ্চালক নিৰ্বাচনৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ জনস্বাস্থ্য বিশেষজ্ঞ ডাঃ শম্ভু আচাৰ্যক মনোনীত কৰিছিল। ছাইমা ৱাজেদে ৮টা ভোট লাভ কৰাৰ বিপৰীতে আচাৰ্যই লাভ কৰে ২টা ভোট।
পিছত বাংলাদেশৰ ৰাজনৈতিক পৰিৱৰ্তন, দুৰ্নীতিৰ অভিযোগ, আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ আভ্যন্তৰীণ তদন্তৰ পিছত ৱাজেদক নিলম্বন কৰা হয় । ৯ ছেপ্টেম্বৰত তেওঁ আঞ্চলিক সঞ্চালক পদৰ পৰা পদত্যাগ কৰে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ