
নতুন দিল্লী, ০৪ অক্টোবৰ (হি.স.)। সোমবাৰৰ পৰা আৰম্ভ হ’ব ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই)ৰ তিনিদিনীয়া দ্বিমাহেকীয়া মুদ্ৰানীতি সমিতিৰ পৰ্যালোচনা বৈঠক। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া এই বৈঠক অহা ৫ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ মুম্বাইত চলিব। অৰ্থনৈতিক বিশেষজ্ঞসকলে নীতিগত সুতৰ হাৰ, ৰেপো হাৰ ০.২৫% বৃদ্ধি হোৱাৰ ভৱিষ্যদ্বাণী কৰিছে।
আৰ বি আইৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ অধ্যক্ষতাত অনুষ্ঠিত ছয়জনীয়া এম পি চিৰ তিনিদিনীয়া পৰ্যালোচনা বৈঠকত মুদ্ৰাস্ফীতি, অৰ্থনৈতিক কাৰ্যকলাপ আৰু নীতিগত সুতৰ হাৰ (ৰেপ’ ৰেট)ৰ পৰ্যালোচনা কৰা হ’ব। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই অহা ৭ অক্টোবৰৰ পুৱা ১০ বজাত এই মুদ্ৰানীতিৰ সিদ্ধান্ত ঘোষণা কৰিব।
অৰ্থনীতিবিদ আৰু বেংকৰ বিষয়াসকলৰ মতে পশ্চিম এছিয়াৰ সংকটৰ পুনৰুত্থানৰ ফলত উদ্ভৱ হোৱা মুদ্ৰাস্ফীতিৰ চাপৰ মাজতে ৰিজাৰ্ভ বেংকে অক্টোবৰৰ মুদ্ৰানীতিৰ পৰ্যালোচনাত ৰেপ’ হাৰ ০.২৫ শতাংশ বৃদ্ধি কৰিব পাৰে। ইয়াৰ পূৰ্বে দালাল সংস্থা নোমুৰাই অক্টোবৰ-ডিচেম্বৰৰ মুদ্ৰা পৰ্যালোচনা বৈঠকত পলিচি ৰেট ৰেপ’ ৰেট ০.২৫-০.২৫ শতাংশ বৃদ্ধিৰ ভৱিষ্যদ্বাণী কৰিছিল।
উল্লেখযোগ্য যে আগষ্ট মাহত অনুষ্ঠিত হোৱা এম পি চিৰ অন্তিমখন বৈঠকত আৰ বি আইয়ে ৰেপো ৰেট ৫.২৫ শতাংশ অপৰিৱৰ্তিত ৰাখিছিল। ২০২৩ চনৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে আৰ বি আইয়ে সুতৰ হাৰ বৃদ্ধি কৰিব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ