এছিয়ান গেমছত মহিলা দলীয় গ’ল্ফত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে অদিতি অশোক, প্ৰণৱী শৰথ উৰ্ছ আৰু দীক্ষা ডাগাৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
নতুন দিল্লী, ০৪ অক্টোবৰ (হি.স.)। এছিয়ান গেমছত মহিলা দলীয় গ’ল্ফত ৰূপৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অদিতি অশোক, প্ৰণৱী শৰথ উৰ্ছ, আৰু দীক্ষা ডাগাৰক অভিনন্দন জনাইছে। এই উপলক্ষে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে যে তিনিওগৰাকী খ
पंतप्रधान नरेंद्र मोदी


নতুন দিল্লী, ০৪ অক্টোবৰ (হি.স.)। এছিয়ান গেমছত মহিলা দলীয় গ’ল্ফত ৰূপৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অদিতি অশোক, প্ৰণৱী শৰথ উৰ্ছ, আৰু দীক্ষা ডাগাৰক অভিনন্দন জনাইছে।

এই উপলক্ষে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে যে তিনিওগৰাকী খেলুৱৈৰ সফলতাই তেওঁলোকৰ এই ক্ৰীড়াৰ প্ৰতি দৃঢ়তা আৰু আবেগক প্ৰতিফলিত কৰিছে। তেওঁ অদিতি অশোক, প্ৰণৱী শৰথ উৰ্ছ, আৰু দীক্ষা দাগৰক অবিৰত সফলতা কামনা কৰি ভৱিষ্যতে সফলতাৰ নতুন উচ্চতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে যে মহিলা দলীয় গলফ ইভেণ্টত ৰূপৰ পদক লাভ কৰি তিনিগৰাকী খেলুৱৈয়ে দেশক গৌৰৱান্বিত কৰিছে।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande