নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম তিনিখন এদিনীয়া খেলৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত হয় আকিব নবী
নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ প্ৰথম তিনিখন খেলৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে জম্মু-কাশ্মীৰৰ বেগী বলাৰ আকিব নবী। শনিবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) দলৰ পৰিৱৰ্তনৰ কথা ঘোষণা কৰে।
आकिब नबी


নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ প্ৰথম তিনিখন খেলৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে জম্মু-কাশ্মীৰৰ বেগী বলাৰ আকিব নবী। শনিবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) দলৰ পৰিৱৰ্তনৰ কথা ঘোষণা কৰে।

সোঁহাতৰ বেগী বলাৰ আকিব নবীক প্ৰথমে শৃংখলাৰ চতুৰ্থ আৰু পঞ্চম এদিনীয়াৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছিল। এতিয়া বাছনি সমিতিয়ে তেওঁক প্ৰথম তিনিখন মেচৰ বাবেও দলত অন্তৰ্ভুক্ত কৰিছে। এই পৰিৱৰ্তনৰ লগে লগে তেওঁ ছিৰিজৰ উদ্বোধনী মেচৰ পৰা ভাৰতীয় দলৰ অংশ হ’ব।

প্ৰথম তিনিখন এদিনীয়াৰ বাবে সংশোধিত ভাৰতীয় দলত আছে শুভমান গিল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ (উপ অধিনায়ক), কে এল ৰাহুল (উইকেটকীপাৰ), অক্ষৰ পেটেল, নমন ধীৰ, অংশুল কামবোজ, গুৰনুৰ ব্ৰাৰ, ৰুতুৰাজ গাইকৱাদ, আৰ্শদীপ সিং, ঈশান কিষান (উইকেটকীপাৰ), মহম্মদ চিৰাজ, কুলদীপ যাদৱ, নীতিশ কুমাৰ ৰেড্ডী (কেৱল প্ৰথম এদিনীয়াৰ বাবে), আৰু আকিব নবী।

শৃংখলাৰ চতুৰ্থ আৰু পঞ্চম এদিনীয়াৰ বাবে ভাৰতীয় দলৰ অধিনায়ক হিচাপে থাকিব শ্ৰেয়াছ আয়াৰ। দলটোত আছে ৰোহিত শৰ্মা, বিৰাট কোহলী, তিলক ভাৰ্মা, ঈশান কিষাণ (ভাইচ অধিনায়ক আৰু উইকেটকীপাৰ), অক্ষৰ পেটেল, নমন ধীৰ, আকিব নবী, গুৰনুৰ ব্ৰাৰ, ৰুতুৰাজ গাইকৱাদ, আৰ্শদীপ সিং, কুমাৰ কুশাগ্ৰা (উইকেটকীপাৰ), মহম্মদ চিৰাজ, যশ ঠাকুৰ, আৰু কুলদীপ যাদৱ।

এইদৰে আকিব নবী এতিয়া ভাৰতীয় দলৰ হৈ পাঁচোটা এদিনীয়াৰ বাবে উপলব্ধ হ’ব।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande