
মস্কো, ০৩ অক্টোবৰ (হি.স./আৰ আই এ নভোষ্টি)। ভাৰতৰ পৰা জব্দ কৰা এখন টেংকাৰত ৰাছিয়াৰ ক্ৰু মেম্বাৰক মুকলি কৰি দিবলৈ ভাৰতক আহ্বান জনাইছে ৰাছিয়াই। ২৩ জন নাৱিক কঢ়িয়াই অনা এই জাহাজখন চলিত বৰ্ষৰ মে’ মাহৰ পৰা পাৰাদ্বীপ বন্দৰৰ ওচৰত ডক কৰি ৰখা হৈছে।
ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই শনিবাৰে ৰাছিয়াৰ সংবাদ সংস্থা আৰ আই এ নভষ্টিক জনাইছে যে জব্দ কৰা জাহাজখনত থকা ৰাছিয়াৰ ক্ৰুসকলক মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাছিয়াৰ কূটনৈতিক মিছনে ভাৰত কৰ্তৃপক্ষক আহ্বান জনাইছে।
তেখেতে কয় যে, বৰ্তমান নতুন দিল্লীত থকা ৰাছিয়াৰ দূতাবাস আৰু কলকাতাত ৰাছিয়াৰ কনছুলেটে ভাৰতৰ সংশ্লিষ্ট সংস্থা আৰু কেন্দ্ৰীয় আৰু আঞ্চলিক কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে। তেওঁলোকে তেওঁলোকক ক্ৰুসকলৰ সৈতে জড়িত এই সমস্যাটো অতি সোনকালে সমাধানৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
কেমেৰুণৰ পতাকা থকা টেংকাৰখন ভাৰতৰ উপকূলৰ পৰা মে’ মাহত জব্দ কৰা হৈছিল। স্থানীয় ইন্ধন যোগানকাৰীৰ ওচৰত জাহাজৰ মালিকৰ বাকী থকা ধনৰ সৈতে জড়িত বাণিজ্যিক বিবাদৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰ পিছৰে পৰা ২৩ জন নাৱিক কঢ়িয়াই অনা জাহাজখন পাৰাদ্বীপ বন্দৰৰ ওচৰত ৰখাই থোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া