
নতুন দিল্লী, ২৮ অক্টোবৰ (হি.স.)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ৩০ৰ পৰা ৩১ অক্টোবৰলৈ আমেৰিকাৰ আটলান্টাত অনুষ্ঠিত হ’বলগীয়া জি-২০ আৰু কোৱাড বৈদেশিক মন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ কৰিব । তাৰ পিছত তেওঁ ভাৰতৰ প্ৰতিনিধি দলৰ নেতৃত্বত ১ নৱেম্বৰৰ পৰা ৪ নৱেম্বৰলৈ ছেইণ্ট জনছ, এন্টিগুয়া আৰু বাৰ্বুডাত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ ৰাষ্ট্ৰপ্ৰধানৰ বৈঠকত অংশগ্ৰহণ কৰিব।
বুধবাৰে এখন সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, “জি-২০ বৈদেশিক মন্ত্ৰী সভাৰ উপৰিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কোৱাড বৈদেশিক মন্ত্ৰীৰ বৈঠকতো অংশগ্ৰহণ কৰিব আৰু সমকক্ষসকলৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব।”
কমনৱেলথ ৰাষ্ট্ৰপ্ৰধানসকলৰ বৈঠকৰ সন্দৰ্ভত তেওঁ কয় যে, আপুনি হয়তো লক্ষ্য কৰিছে যে আগন্তুক বৈঠকৰ বিষয়বস্তু হৈছে 'এটা সমৃদ্ধিশালী কমনৱেলথৰ বাবে অংশীদাৰিত্ব আৰু বিনিয়োগ ত্বৰান্বিত কৰা।' এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতে আগ্ৰহী।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া