জিঅ'ৰ লক্ষ্য এআইৰ যুগত প্ৰতিজন ভাৰতীয়ক সবলীকৰণ কৰাঃ আকাশ আম্বানী
মুম্বাই, ২৮ অক্টোবৰ (হি.স.)। ৰিলায়েন্স জিঅ’ প্লেটফৰ্মছৰ পৰিচালন সঞ্চালক আকাশ আম্বানীয়ে উল্লেখ কৰে যে জিঅ’ৰ প্ৰধান লক্ষ্য হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) যুগত প্ৰতিজন ভাৰতীয়ক সবলীকৰণ কৰা। কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰা বাৰ্তাত তেওঁ কয় যে কোম্পানীটোক ষ
शेयर बाजार में एनएसई पर जियो के शयर लिस्टिंग के अवसर आकाश अंबानी का


মুম্বাই, ২৮ অক্টোবৰ (হি.স.)। ৰিলায়েন্স জিঅ’ প্লেটফৰ্মছৰ পৰিচালন সঞ্চালক আকাশ আম্বানীয়ে উল্লেখ কৰে যে জিঅ’ৰ প্ৰধান লক্ষ্য হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) যুগত প্ৰতিজন ভাৰতীয়ক সবলীকৰণ কৰা। কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰা বাৰ্তাত তেওঁ কয় যে কোম্পানীটোক ষ্টক এক্সচেঞ্জত তালিকাভুক্ত কৰাটো গন্তব্যস্থান নহয়, বৰঞ্চ নতুন আৰম্ভণিহে।

বুধবাৰে কোম্পানীটোৰ ষ্টক মাৰ্কেটৰ আকৰ্ষণীয় আত্মপ্ৰকাশৰ উপলক্ষে জিঅ’ প্লেটফৰ্মছৰ পৰিচালন সঞ্চালক আকাশ আম্বানীয়ে উল্লেখ কৰে যে কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) যুগত অহা দশকত কোম্পানীটোৰ লক্ষ্য হ’ব লাগে প্ৰতিজন ভাৰতীয়ক নিজৰ সম্পূৰ্ণ সম্ভাৱনাক লাভ কৰিবলৈ সক্ষম কৰা। কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰা ইমেইলত আকাশ আম্বানীয়ে কয় যে কোম্পানীটোৱে এতিয়া প্ৰযুক্তিগত পৰিৱৰ্তনৰ পৰৱৰ্তী ঢৌৰ নেতৃত্ব দিব লাগিব।

জিঅ’ প্লেটফৰ্মছৰ পৰিচালন সঞ্চালক আকাশ আম্বানীয়ে কয় যে কোম্পানীটোৰ প্ৰাৰম্ভিক পাব্লিক অফাৰিং (আই পি অ’)ৰ প্ৰতি বিনিয়োগকাৰীৰ সঁহাৰিয়ে আশা কৰাতকৈ অধিক। ভাই-ভনী ঈশা আৰু অনন্তৰ লগতে কোম্পানীটোক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সমৰ্থিত ডিজিটেল সেৱা কোম্পানী জিঅ’ প্লেটফৰ্মছৰ শ্বেয়াৰে আজি বজাৰত শক্তিশালী আত্মপ্ৰকাশ কৰে। কোম্পানীটোৰ ইছ্যু মূল্য ১১১৯ টকাৰ পৰা ২৩ শতাংশ বৃদ্ধি পাই বজাৰ মূলধনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক মূল্যৱান কোম্পানী হিচাপে পৰিগণিত হৈছে। ইছ্যুৰ মূল্যতকৈ ২১.৩৬ শতাংশ বৃদ্ধিৰে বি এছ ই আৰু এন এছ ইত ১৩৫৮ টকাত মুকলি হয়।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande