কেবিনেটেঃ ‘প্ৰধানমন্ত্ৰী বিকাশিত গ্ৰাম স্বৰাজ যোজনা’ৰ বাবে ৭,৩৯৫ কোটি টকাৰ অনুমোদন
নতুন দিল্লী, ২৮ অক্টোবৰ (হি.স.)। তৃণমূল পৰ্যায়ৰ শাসন ব্যৱস্থা শক্তিশালী কৰাৰ লগতে দেশৰ গাঁওসমূহৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰীয় কেবিনেটে ৭,৩৯৫.৫৫ কোটি টকা ব্যয়ৰে ‘প্ৰধানমন্ত্ৰী বিকাশিত গ্ৰাম স্বৰাজ যোজনা’ত অনুমোদন জনাইছে। কেন্দ্ৰীয় তথ্য আৰু
कैबिनेट के फैसले की जानकारी देते सूचना एवं प्रसारण मंत्री अश्वनी वैष्णव


कैबिनेट के फैसले की जानकारी देते सूचना एवं प्रसारण मंत्री अश्वनी वैष्णव


নতুন দিল্লী, ২৮ অক্টোবৰ (হি.স.)। তৃণমূল পৰ্যায়ৰ শাসন ব্যৱস্থা শক্তিশালী কৰাৰ লগতে দেশৰ গাঁওসমূহৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰীয় কেবিনেটে ৭,৩৯৫.৫৫ কোটি টকা ব্যয়ৰে ‘প্ৰধানমন্ত্ৰী বিকাশিত গ্ৰাম স্বৰাজ যোজনা’ত অনুমোদন জনাইছে।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে কেন্দ্ৰীয় কেবিনেটক এই প্ৰকল্পত অনুমোদন জনোৱাৰ কথা অৱগত কৰে। বৈষ্ণৱে কয় যে কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী বিকাশিত গ্ৰাম স্বৰাজ যোজনাক ২০২৬-২৭ৰ পৰা ২০৩০-৩১ চনলৈ কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি হিচাপে ৭,৩৯৫.৫৫ কোটি টকা ব্যয়ৰে অনুমোদন জনাইছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীগৰাকীয়ে জনাইছে যে কেন্দ্ৰীয় কেবিনেটে ‘প্ৰধানমন্ত্ৰী বিকাশিত গ্ৰাম স্বৰাজ যোজনা’ (পিএম ভিজিএছৱাই) নামৰ কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি (চি এছ এছ)ত অনুমোদন জনাইছে। উন্নত ভাৰতৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এয়া আধুনিক শাসন পৰিৱৰ্তনৰ পদক্ষেপ। ২০২৬-২৭ চনৰ পৰা ২০৩০-৩১ চনলৈ (অৰ্থাৎ ১৬ নং বিত্ত আয়োগৰ সময়ছোৱাত) এই আঁচনিখন ৰূপায়ণৰ বাবে অনুমোদন জনোৱা হৈছে। ২৫৫ লাখৰো অধিক পঞ্চায়ত আৰু পৰম্পৰাগত স্থানীয় সংস্থাসমূহৰ পৰা ৩২ লাখ নিৰ্বাচিত প্ৰতিনিধি উপকৃত হ’ব।

আঁচনিখনৰ আৰ্থিক প্ৰভাৱঃ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উল্লেখ কৰে যে আঁচনিখনৰ মুঠ বাজেট ৭,৩৯৫.৫৫ কোটি টকা, কেন্দ্ৰীয় অংশীদাৰিত্ব ৪,৮৬৯.৪৮ কোটি আৰু ৰাজ্যিক অংশীদাৰিত্ব ২,৫২৬.০৭ কোটি টকা।

হিতাধিকাৰীৰ সংখ্যাঃ

২৫৫ লাখৰো অধিক পঞ্চায়ত আৰু পৰম্পৰাগত স্থানীয় সংস্থা, পঞ্চায়তৰ বিষয়া, আৰু অন্যান্য অংশীদাৰসকলৰ পৰা প্ৰায় ৩২ লাখ নিৰ্বাচিত প্ৰতিনিধি আঁচনিখনৰ প্ৰত্যক্ষ হিতাধিকাৰী হ’ব। প্ৰতিটো সজাগতা বৃদ্ধিৰ কাৰ্যসূচীত কমেও ১ কোটি নাগৰিকক জড়িত কৰা হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande