ক্ৰীড়া সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ বাবে 1,800 কোটি টকাৰ পৰিকল্পনাত কেবিনেটৰ অনুমোদন
নতুন দিল্লী, ২৮ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে খেলো ইণ্ডিয়া ক্ৰীড়া সামগ্ৰী নিৰ্মাণ আঁচনি। ইয়াৰ উদ্দেশ্য হৈছে বিশ্বব্যাপী প্ৰতিযোগিতামূলক ক্ৰীড়া উৎপাদন পৰিৱেশ তন্ত্ৰ গঢ়ি তোলা। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কে
खेल सामग्री (प्रतिनिधि चित्र)


নতুন দিল্লী, ২৮ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে খেলো ইণ্ডিয়া ক্ৰীড়া সামগ্ৰী নিৰ্মাণ আঁচনি। ইয়াৰ উদ্দেশ্য হৈছে বিশ্বব্যাপী প্ৰতিযোগিতামূলক ক্ৰীড়া উৎপাদন পৰিৱেশ তন্ত্ৰ গঢ়ি তোলা। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে এই প্ৰকল্পৰ বাবে ১,৮৫৬.৬৭ কোটি টকাৰ অনুমোদন জনায়।

আজি সংবাদমেলত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ২০২৬ চনৰ পৰা ২০৩৩-৩৪ চনলৈ এই আঁচনিখন কাৰ্যকৰী হ’ব। এই আঁচনিখনৰ কেইবাটাও মূল কেন্দ্ৰবিন্দু ক্ষেত্ৰ থাকিব: ই ঘৰুৱা ক্ৰীড়া সামগ্ৰী নিৰ্মাণক প্ৰসাৰিত কৰিব, বিনিয়োগ, উদ্ভাৱন, আৰু ৰপ্তানিক উৎসাহিত কৰিব, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব, আৰু ভাৰতৰ বিশ্বব্যাপী প্ৰতিযোগিতামূলক ক্ষমতা শক্তিশালী কৰিব।

এই আঁচনিখনত বিনিয়োগৰ সহায় আৰু উৎপাদন বৃদ্ধিৰ বাবে ১,১৩০ কোটি আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ পৰা প্ৰমাণপত্ৰ প্ৰদানৰ বাবে ১০৫ কোটি টকা অন্তৰ্ভুক্ত কৰা হৈছে। এই আঁচনিৰ জৰিয়তে ক্ৰীড়া সামগ্ৰী নিৰ্মাণ খণ্ডৰ বিকাশ ঘটিব। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু বৰ্তমানৰ উৎপাদন ক্লাষ্টাৰসমূহ শক্তিশালী কৰা হ’ব। গৱেষণা, উদ্ভাৱন, ষ্টাৰ্টআপ, আৰু দক্ষতা বিকাশত সহায় কৰা হ’ব। ভাৰতীয় ক্ৰীড়া সঁজুলি বিশ্বৰ বজাৰত প্ৰচাৰ কৰা হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande