কেবিনেটঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে দীপাৱলী উপহাৰ, ডি এ আৰু ডি আৰ ৩ শতাংশ বৃদ্ধি
নতুন দিল্লী, ২৮ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰিছে দীপাৱলী উপহাৰ। চৰকাৰে তেওঁলোকৰ মৰগীয়া বানচ বা ডিয়াৰনেছ এলাৱেন্স (ডি এ) আৰু মৰগীয়া সকাহ বা ডিয়াৰনেছ ৰিলিফ (ডি আৰ) ৩ শতাংশ বৃদ্ধি কৰিছে। চলিত বৰ্ষৰ ১ জুলাইৰ পৰা
कर्मचारी और पेंशनभोगी (प्रतिनिधि चित्र)


নতুন দিল্লী, ২৮ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰিছে দীপাৱলী উপহাৰ। চৰকাৰে তেওঁলোকৰ মৰগীয়া বানচ বা ডিয়াৰনেছ এলাৱেন্স (ডি এ) আৰু মৰগীয়া সকাহ বা ডিয়াৰনেছ ৰিলিফ (ডি আৰ) ৩ শতাংশ বৃদ্ধি কৰিছে। চলিত বৰ্ষৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই বৃদ্ধি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি এই প্ৰস্তাৱত অনুমোদন জনায়।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত এক সংবাদমেলৰ সময়ত এই ঘোষণা কৰে। তেওঁ উল্লেখ কৰে যে ইয়াৰ দ্বাৰা ৪৮.৫৪ লাখ কৰ্মচাৰী আৰু ৬৮.৭১ লাখ পেঞ্চনাৰ উপকৃত হ’ব। ইয়াৰ ফলত চৰকাৰী কোষাগাৰত বছৰি ১০,০১৬.১০ কোটি টকাৰ অতিৰিক্ত বোজা পৰিব।

বৈষ্ণৱে কয় যে, ৪৮ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰক প্ৰধানমন্ত্ৰীৰ দীপাৱলী উপহাৰ হৈছে মৰগীয়া বানচ (ডি এ) আৰু মৰগীয়া সকাহ (ডি আৰ)ৰ বৃদ্ধি।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande