মহাৰাষ্ট্ৰ বিধান পৰিষদৰ ৫খন আসনৰ ভোটগণনাত মহাযুতিয়ে তিনিখনত আৰু মহাবিকাশ আঘাড়ীয়ে দুখন আসনত অগ্ৰগতি
মুম্বাই, ২৭ অক্টোবৰ (হি.স.)। মহাৰাষ্ট্ৰ বিধান পৰিষদৰ পাঁচখন আসনৰ মঙলবাৰে পুৱা ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে বিজেপি-শিৱসেনা-শিন্দে গোট আৰু এনচিপি-অজিত পৱাৰ মহাযুতিৰ প্ৰাৰ্থীয়ে তিনিখন আসনত আগবাঢ়ি আছে, আনহাতে মহাবিকাশ আঘাড়ীয়ে দুখন আসনত আগবাঢ়ি আছে।
মহাৰাষ্ট্ৰ বিধান পৰিষদৰ ৫খন আসনৰ ভোটগণনাত মহাযুতিয়ে তিনিখনত আৰু মহাবিকাশ আঘাড়ীয়ে দুখন আসনত অগ্ৰগতি


মুম্বাই, ২৭ অক্টোবৰ (হি.স.)। মহাৰাষ্ট্ৰ বিধান পৰিষদৰ পাঁচখন আসনৰ মঙলবাৰে পুৱা ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে বিজেপি-শিৱসেনা-শিন্দে গোট আৰু এনচিপি-অজিত পৱাৰ মহাযুতিৰ প্ৰাৰ্থীয়ে তিনিখন আসনত আগবাঢ়ি আছে, আনহাতে মহাবিকাশ আঘাড়ীয়ে দুখন আসনত আগবাঢ়ি আছে। পাঁচোখন আসনৰ চূড়ান্ত সিদ্ধান্ত গভীৰ নিশা হোৱাৰ সম্ভাৱনা আছে।

২৩ অক্টোবৰত মহাৰাষ্ট্ৰ বিধান পৰিষদৰ তিনিটা স্নাতক আৰু দুটা শিক্ষক সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয়। এই পাঁচখন আসনত মুঠ ১৮২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই আসনসমূহৰ ভিতৰত আছে পুনে স্নাতক সমষ্টি, নাগপুৰ স্নাতক সমষ্টি, সম্ভাজিনগৰ স্নাতক সমষ্টি, পুনে শিক্ষক সমষ্টি, আৰু অমৰাৱতী শিক্ষক সমষ্টি।

পুনে শিক্ষক সমষ্টিত মহাযুতীৰ প্ৰাৰ্থী কৌস্তুভ গাৱাড়ে আগবাঢ়ি আছে যদিও মহাবিকাশ আঘাদী প্ৰাৰ্থী শচীন সনাপে গাৱাড়ক কঠোৰ যুঁজ দিছে।

আমৰাৱতী শিক্ষক সমষ্টিত শিৱসেনা শিণ্ডে ফৈদৰ কিৰণ সাৰনৈকে আগবাঢ়ি আছে। পিছ পৰি আছে বিজেপিৰ চৰকাৰী প্ৰাৰ্থী অদিতি পোহৰে। নাগপুৰ স্নাতক সমষ্টিত বিজেপি প্ৰাৰ্থী সুধাকৰ কোহলে আগবাঢ়ি আছে যদিও কংগ্ৰেছ প্ৰাৰ্থী অভিজিত বঞ্জাৰীয়ে কোহলক কঠোৰ যুঁজ দিছে।

পুনে স্নাতক সমষ্টিত মহা বিকাশ আঘাড়ীৰ প্ৰাৰ্থী হৰ্ষদা দেশমুখ জাধৱ অগ্ৰগতি লাভ কৰাৰ বিপৰীতে পিছ পৰি আছে বিজেপিৰ স্মিতা জাধৱ। সম্ভাজী নগৰ স্নাতক সমষ্টিত মহা বিকাশ আঘাদী প্ৰাৰ্থী প্ৰতাপসিং পাটিলে আগবাঢ়ি আছে, আনহাতে মহাযুতিৰ প্ৰাৰ্থী পিছ পৰি আছে। এই পাঁচটা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটগণনা অব্যাহত আছে, আৰু গভীৰ নিশা চূড়ান্ত ফলাফলৰ সম্ভাৱনা আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande