
গুৱাহাটী, ২৫ অক্টোবৰ (হি.স.)। সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে সর্বশিক্ষাৰ অধীনত কর্মৰত প্রাথমিক শিক্ষক সকলৰ দীর্ঘদিন ধৰি সমাধান নোহোৱাকৈ থকা বিভিন্ন বিষয়, যেনে-১) দৰমহা গাঁখনিৰ আসোঁৱাহ নির্মলকৰণ, ২) টাইম স্কেল (MACPS), ৩) গ্রেচুইটি আৰু আর্জিত ছুটীৰ দৰমহা প্রদানৰ বাবে যথোচিত কার্যব্যৱস্থা গ্রহণ, ৪) শিক্ষক বদলিকৰণ, ৫) অকালতে মৃত্যুবৰণ কৰা শিক্ষকৰ পৰিয়াললৈ নুন্যতম ৩০ লাখ টকাৰ সাহায্য প্রদান, ৬) অৱসবপ্রাপ্ত শিক্ষকৰ বাবে টাৰ্মিনেল বেনিফিট (Terminal Benefit)ৰ ব্যৱস্থা গ্রহণ, ৭) ছুটি সমূহৰ অনুমোদন প্রক্রিয়া সৰলীকৰণ আদি সুবিধাসমূহ প্রদানৰ বাৰে দীর্ঘদিন ধৰি দাবী জনাই আহিছে।
ইয়াৰ বাবে বিভাগক সদৌ অসম প্রাথমিক টেট্ উত্তীর্ণ শিক্ষক সমাজৰ তৰফৰ পৰা কেইবাৰো পত্র দিয়া হৈছে, বিভাগীয় কর্তৃপক্ষ বিশেষকৈ সমগ্র শিক্ষাৰ মিছন সঞ্চালকৰ সৈতে কেইবালানিও আলোচনা সম্পন্ন কৰা হৈছে। আনকি শিক্ষা বিভাগটোৱে প্রদান কৰা আশ্বাসৰ প্রতি কৰি লক্ষ্য ৰাখি সংগঠনে পূর্বে গ্রহণ কৰা প্রতিবাদী গণতান্ত্রিক কার্যসূচী স্থগিত ৰখা হৈছে।
তাৰোপৰি বিগত ১২ নৱেম্বৰ, ২০২৫ তাৰিখে সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ নেতৃত্বত ৩০ জনীয়া শিক্ষকৰ সঁজাতী দল এটাৰ সৈতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতা আৰু শিক্ষা বিভাগৰ কেইবা গৰাকীও উচ্চপদস্থ বিষয়াৰ উপস্থিতিত উক্ত বিষয়সমূহৰ সমাধান বিচাৰি এক সৌহার্দ্যপূর্ণ আলোচনাও সম্পন্ন হৈছিল।
আলোচনাত উক্ত দাবীসমূহ সমাধানৰ বাবে পদক্ষেপ গ্রহণ কৰা হ'ব বুলি শিক্ষামন্ত্রী আশ্বাস প্রদান কৰিছিল। আনকি শিক্ষামন্ত্রী গৰাকীক ইয়াৰ পৰৰর্তী সময়ত অনানুষ্ঠানিক ভাবেও কেইবাবাৰো সাক্ষাৎ কৰা হৈছিল। কিন্তু আজি ১১ মাহ উকলি যোৱাৰ পিছতো উক্ত দাবী বা সমস্যাসমূহ সমাধান নোহোৱাটো সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে শিক্ষা বিভাগ তথা চৰকাৰ খনৰ শিক্ষক সকলৰ প্রতি অন্যায়পূর্ণ, দায়িত্বহীন আৰু অপমানজনক আচৰণ হিচাপে বিবেচনা কৰিছে।
বিগত ২০ ছেপ্তেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা সমাজৰ কেন্দ্রীয় কার্ষনির্বাহক সভাৰ সিদ্ধান্ত অনুসৰি সমগ্র শিক্ষা অসমৰ মিছন সঞ্চালকক পত্র প্ৰেৰণ কৰি ১৫ অক্টোবৰ তাৰিখৰ ভিতৰত বিভাগৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনোৱা হৈছিল যদিও এই বিষয়ে কোনো সদিচ্ছা লাভ কৰা নহয়। সেয়েহে বিভাগীয় চৰম উদাসীনতাৰ তাৰ প্রতিবাদ স্বৰুপে সদৌ অসম প্রাথমিক টেট্ উত্তীর্ণ শিক্ষক সমাজে এক ধাৰাবাহিক গণতান্ত্রিক প্রতিবাদী কার্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্রহণ কৰিছে।
সেই কার্যসুচীৰ অংশ ৰূপে অহা ৫ নবেম্বৰ, ২০২৬ তাৰিখে অসমৰ প্রতিখন জিলাৰ প্রাথমিক শিক্ষা বিষয়া /জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধর্মঘট ৰূপায়ণ কৰা হ'ব। সেই কাৰ্যসূচীৰ জৰিয়তে শিক্ষক সকলে পৰৱৰ্তী কাৰ্যর্সুচী ৰূপায়ণ কৰিবলৈ গুৱাহাটীলৈ যাবলৈ নিজৰ জিলা শিক্ষা বিষয়াক অৱগত কৰিব।
শিক্ষক সকলক কৰা অৱহেলা আৰু বঞ্চনাৰ প্রতিবাদত সম্পূর্ণ গণতান্ত্রিকভাৱে অহা ১৬ নবেম্বৰ, ২০২৬ তাৰিখে গুৱাহাটীৰ কাহিলিপাৰাস্থিত সমগ্র শিক্ষা অসমৰ ৰাজ্যিক কার্যালয় ঘেৰাও কাৰ্য়াসূচী ৰপায়ণ কৰা হ'ব।
শিক্ষক সকলৰ প্রতি চৰকাৰখনে দীর্ঘদিন ধৰি (১৪ বছৰ কাল) কৰি অহা চৰম উদাসীনতাৰ বিৰূদ্ধে প্রতিবাদ সাব্যস্ত কৰা হ'ব আৰু এই প্রতিবাদ শিক্ষক সকলৰ দাবীসমূহ সমাধান নোহোৱা পর্যন্ত অব্যাহত থাকিব। শিক্ষক সকলক ৰাজপখলৈ ওলাই আহিবলৈ বাধ্য কৰা তথা এই ক্ষেত্রত হবলগীয়া শৈক্ষিক ক্ষতিৰ দায়িত্ব বিভাগৰ বুলি উল্লেখ কৰে সংগঠনৰ কেন্দ্রীয় নেতৃত্বই।
সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ হৈ ত্ৰৈলোক্য ডেকা ,সভাপতি আৰু সাধাৰণ সম্পাদক কুলজিত ঠাকুৰিয়া স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ