গংগাপূৰ্ণা হিমালয়ত আৰোহণ কৰাৰ সময়ত নিৰুদ্দেশ হোৱা দুজন জাপানী পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ
কাঠমাণ্ডু, ২৫ অক্টোবৰ (হি.স.)। নেপালৰ মানং জিলাৰ গংগাপূৰ্ণা হিমালয়ত আৰোহণ কৰি থকা অৱস্থাত নিৰুদ্দেশ হোৱা দুজন জাপানী পৰ্বতাৰোহীৰ মৃতদেহ দেওবাৰে উদ্ধাৰ কৰা হয়। কাঠমাণ্ডুলৈ মৃতদেহ দুটা অনাৰ প্ৰস্তুতি চলি আছে। প্ৰয়োজনীয় তদন্তৰ অন্তত নেপালত থকা জাপ
गंगापूर्ण हिमाल


কাঠমাণ্ডু, ২৫ অক্টোবৰ (হি.স.)। নেপালৰ মানং জিলাৰ গংগাপূৰ্ণা হিমালয়ত আৰোহণ কৰি থকা অৱস্থাত নিৰুদ্দেশ হোৱা দুজন জাপানী পৰ্বতাৰোহীৰ মৃতদেহ দেওবাৰে উদ্ধাৰ কৰা হয়। কাঠমাণ্ডুলৈ মৃতদেহ দুটা অনাৰ প্ৰস্তুতি চলি আছে। প্ৰয়োজনীয় তদন্তৰ অন্তত নেপালত থকা জাপানৰ দূতাবাসৰ সমন্বয়ত মৃতদেহকেইটা পৰিয়ালক গতাই দিয়া হ’ব।

মানঙৰ মুখ্য জিলা বিষয়া মুক্তি প্ৰসাদ খানালৰ মতে শুকুৰবাৰে নিছিয়াং গাঁও পৌৰসভাৰ ৭৪৫৫ মিটাৰ উচ্চতাৰ গংগাপূৰ্ণা হিমালয়ত আৰোহণ কৰি থকা অৱস্থাত জাপানৰ নাগৰিক হিদেছুকে তানেইছি আৰু টেটছু হাছিমোটো নিৰুদ্দেশ হয়। পৰ্বতাৰোহী দুজন কাঠমাণ্ডুস্থিত কচমো এডভেঞ্চাৰ কোম্পানীৰ মাজেৰে নেপালী গাইডৰ সৈতে হিমালয়লৈ গৈছিল। ১৫ অক্টোবৰৰ পৰা তেওঁলোকৰ যোগাযোগ বিচ্ছিন্ন হৈ আছিল।

মুখ্য জিলা বিষয়া খানালে জনোৱা মতে, প্ৰায় ৭,০৫০ মিটাৰ উচ্চতাত তেওঁলোকৰ যোগাযোগ হেৰুৱাই তেওঁলোকক বিচাৰিবলৈ হেলিকপ্টাৰ আৰু উদ্ধাৰকাৰী দল মোতায়েন কৰা হয়। অনুসন্ধানৰ সময়ত তেওঁলোকৰ বেকপেক আৰু পৰ্বতাৰোহণৰ সঁজুলিও উদ্ধাৰ কৰা হয়। তেওঁ কয় যে ধাৰাবাহিক অনুসন্ধানৰ অন্তত আজি পুৱা গংগাপূৰ্ণা হিমালয়ৰ দক্ষিণ অংশত প্ৰায় ৬৩০০ মিটাৰ উচ্চতাত দুয়োৰে মৃতদেহ উদ্ধাৰ কৰা হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande