
লিংকন (নিউজিলেণ্ড), ২৫ অক্টোবৰ (হি.স.)। ইণ্ডিয়া এ আৰু নিউজিলেণ্ড এৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন বেচৰকাৰী টেষ্ট মেচৰ দ্বিতীয় দিনৰ সামৰণি পৰে। প্ৰথম ইনিংছত মাত্ৰ ১১৩ ৰানত অল আউট হোৱা ভাৰতে এতিয়া দ্বিতীয় দিনা খেলৰ অন্তত দুটা উইকেটত ১০৬ ৰান সংগ্ৰহ কৰিছে। ইণ্ডিয়া এ এতিয়াও নিউজিলেণ্ড এৰ পৰা ৯৮ ৰান পিছ পৰি আছে। আয়োজক দলটোৱে প্ৰথম ইনিংছত ৩১৭ ৰান সংগ্ৰহ কৰি ২০৪ ৰানৰ অগ্ৰগতি লাভ কৰিছিল।
দ্বিতীয় দিনা ভাৰতীয় দলৰ আৰম্ভণি দুৰ্বল আছিল। অ’পেনাৰ যশস্বী জয়ছোৱাল ৫ ৰানত আউট হোৱাৰ বিপৰীতে কে এল ৰাহুলে মাত্ৰ ৪ ৰানহে কৰে। দুয়োজন বেটছমেনে প্ৰথম ইনিংছতো বিশেষ অৱদান আগবঢ়োৱা নাছিল। দ্বিতীয় ইনিংছত মাত্ৰ ১০ ৰানত দুটা উইকেট হেৰুৱাই দেৱদত্ত পাদিক্কাল আৰু ছাই সুদৰ্শনে দায়িত্ব গ্ৰহণ কৰি নিউজিলেণ্ডৰ এ বলাৰৰ সৈতে দৃঢ়তাৰে মুখামুখি হয়। তৃতীয় উইকেটৰ বাবে দুয়োগৰাকী বেটছমেনে ৯৬ ৰানৰ অপৰাজিত অংশীদাৰিত্ব ভাগ কৰে।
দিনটোৰ খেলৰ শেষলৈকে পডিক্কালে ৮৯টা বলত ৫৬ ৰান কৰি অপৰাজিত হোৱাৰ বিপৰীতে ছাই সুদৰ্শনে ১০৪ বলত ৩৯ ৰান কৰি অপৰাজিত হৈ থাকে।
ইয়াৰ পূৰ্বে দ্বিতীয় পুৱা তিনি উইকেটত ১৩৫ ৰানত পুনৰ প্ৰথম ইনিংছ আৰম্ভ কৰি ৮৯.৩ অভাৰত ৩১৭ ৰান সংগ্ৰহ কৰি প্ৰথম ইনিংছৰ ভিত্তিত ২০৪ ৰানৰ অগ্ৰগতি লাভ কৰে।
নিউজিলেণ্ড এ অধিনায়ক ৰিচ মাৰিউৱে ১৩৭ বলত ৭৬ ৰান সংগ্ৰহ কৰি উজ্জ্বল বেটিং কৰে। ডিন ফক্সক্ৰফ্টেও ৫১ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ কাৰ্টিছ হিফীয়ে ৪৪, খ্ৰীষ্টিয়ান ক্লাৰ্কে ৪২ আৰু উইকেটকীপাৰ মিচেল হেই ২৪ ৰান সংগ্ৰহ কৰে।
ভাৰতীয় বলাৰ অংশুল কাম্বোজ আৰু আকিব নবীয়ে তিনিটাকৈ উইকেট দখল কৰে। ৫২ ৰানত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে আকিব নবীয়ে ৬৯ ৰানত তিনিজন বেটছমেনক আউট কৰে। আকাশ দীপে দুটা উইকেট দখল কৰাৰ বিপৰীতে মুকেশ চৌধাৰী আৰু ৱাশ্বিংটন সুন্দৰে এটাকৈ উইকেট দখল কৰে।
প্ৰথমে বেটিং কৰা ইণ্ডিয়া এয়ে নিউজিলেণ্ড এৰ বলাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি মাত্ৰ ১১৩ ৰানত বল আউট হয়। প্ৰথম ইনিংছত দেৱদত্ত পাডিক্কালে ৩২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে যশ ৰাথোৰে ৪৪ ৰানত অপৰাজিত হৈ থাকে।কিন্তু আনটো মূৰৰ পৰা পৰ্যাপ্ত সমৰ্থনৰ অভাৱত ভাৰতীয় দলটোৱে ডাঙৰ মুঠ ৰান সংগ্ৰহ কৰিবলৈ ব্যৰ্থ হয়। প্ৰথম ইনিংছত নিউজিলেণ্ড এৰ হৈ ছাইমন কিনে মাৰাত্মক বলিং কৰি ৫টা উইকেট দখল কৰে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ