এছবিআই-য়ে আৰম্ভ কৰিলে গ্ৰাহকৰ ব্যক্তিগত তথ্য প্ৰকাশৰ তদন্ত
নতুন দিল্লী, ২১ অক্টোবৰ (হি.স.)। ভাৰতীয় ষ্টেট বেংকে ডাৰ্ক ৱেবত গ্ৰাহকৰ ব্যক্তিগত তথ্য প্ৰকাশ পোৱাৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । প্ৰাথমিক তদন্তত গ্ৰাহকৰ ব্যক্তিগত তথ্য থকা ৩৮৯৭টা ৰেকৰ্ড চিনাক্ত কৰা হৈছে। বেংকটোৱে কয় যে এই কাণ্ডৰ মূল ব্যৱসায়িক কাৰ্য
भारतीय स्टेट बैंक (एसबीआई)।


নতুন দিল্লী, ২১ অক্টোবৰ (হি.স.)। ভাৰতীয় ষ্টেট বেংকে ডাৰ্ক ৱেবত গ্ৰাহকৰ ব্যক্তিগত তথ্য প্ৰকাশ পোৱাৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

প্ৰাথমিক তদন্তত গ্ৰাহকৰ ব্যক্তিগত তথ্য থকা ৩৮৯৭টা ৰেকৰ্ড চিনাক্ত কৰা হৈছে। বেংকটোৱে কয় যে এই কাণ্ডৰ মূল ব্যৱসায়িক কাৰ্য্যকলাপত বিশেষ প্ৰভাৱ পৰা নাই। স্বাভাৱিকভাৱে অব্যাহত আছে বেংকৰ সেৱা। এই ঘটনাৰ বিশদ মূল্যায়ন চলি আছে, আৰু প্ৰয়োজনীয় সংশোধনী আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এছ বি আইৰ তথ্য অনুসৰি ডাৰ্ক ৱেবত ৩৮৯৭ জন গ্ৰাহকৰ ৰেকৰ্ডত থকা ব্যক্তিগত তথ্য উন্মোচিত হৈছে। এই ৰেকৰ্ডসমূহত ব্যক্তিগত তথ্য যেনে গ্ৰাহকৰ নাম, মোবাইল নম্বৰ, ইমেইল ঠিকনা, জন্ম তাৰিখ, আৰু আৱাসিক ঠিকনা অন্তৰ্ভুক্ত কৰা হয়। এই সম্ভাৱ্য তথ্য ফাদিল সন্দৰ্ভত বেংকটোৱে প্ৰথমবাৰৰ বাবে ১৬ অক্টোবৰত সতৰ্কবাণী লাভ কৰিছিল।বেংকটোৰ ভাবুকি চোৰাংচোৱা সেৱা প্ৰদানকাৰী প্ৰতিৰক্ষা চাইবাৰ এজেন্সী আৰু ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দল (চিইআৰটি-ইন)ৰ পৰা এই সতৰ্কবাণী আহিছিল।

২১ অক্টোবৰত ষ্টক এক্সচেঞ্জত দাখিল কৰা তথ্যত এছ বি আইয়ে কয় যে ১৬ অক্টোবৰত তেওঁলোকে নিজৰ ভাবুকি চোৰাংচোৱা সেৱা প্ৰদানকাৰী প্ৰতিৰক্ষা চাইবাৰ এজেন্সী আৰু ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দল (চি ই আৰ টি-ইন)ৰ পৰা তথ্য লাভ কৰিছিল, যাৰ ফলত ডাৰ্ক ৱেবত বেংকৰ গ্ৰাহকৰ তথ্যৰ সম্ভাৱ্য উন্মোচনৰ বিষয়ে উদ্বেগ প্ৰকাশ পাইছিল।

বেংকটোৰ মতে, প্ৰাৰম্ভিক বিশ্লেষণত ডাৰ্ক ৱেবত উপলব্ধ প্ৰায় ৩ লাখ ৭৫ হাজাৰ ৰেকৰ্ড পৰীক্ষা কৰা হৈছে। ইয়াৰে ৩,৮৯৭ টা গ্ৰাহকৰ ৰেকৰ্ডত ব্যক্তিগত চিনাক্তকৰণ তথ্য (পিআইআই) আছিল। ইয়াৰ ভিতৰত আছিল গ্ৰাহকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰ, জন্ম তাৰিখ, নাম, লিংগ, ইমেইল ঠিকনা, আৱাসিক ঠিকনা, শাখা আৰু গ্ৰাহক চিনাক্তকৰণ নম্বৰ (চিআইএফ), লিড আইডি, আৰু ঋণ আৰু লিড ৰেকৰ্ডৰ সৈতে জড়িত অন্যান্য মেটাডাটা।

এছ বি আইয়ে কয় যে উন্মুক্ত তথ্যৰ প্ৰামাণ্যতা, সম্পূৰ্ণতা, সম্ভাৱ্য উৎস, আৰু পৰিসৰ নিৰ্ণয় কৰাৰ লগতে গ্ৰাহক আৰু বেংকৰ বাবে বিপদৰ মূল্যায়নৰ বাবে বিশদ তদন্তৰ প্ৰয়োজন। ততাতৈয়াকৈ বেংকটোৱে চাইবাৰ কাণ্ডৰ মোকাবিলা আৰু ইয়াৰ প্ৰভাৱ কমোৱাৰ ব্যৱস্থা আৰম্ভ কৰে। তদুপৰি, বিষয়টোৰ প্ৰকৃতি আৰু কথিত তথ্য প্ৰকাশৰ কাণ্ডৰ তদন্তৰ বাবে চিইআৰটি-ইনৰ সৈতে জড়িত এটা স্বতন্ত্ৰ চাইবাৰ নিৰাপত্তা সংস্থা নিযুক্তি দিয়া হৈছে।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande