
–দক্ষিণ কোৰিয়াক ৫-৩ গ’লত পৰাস্ত কৰি টাটা আৰ্চাৰী একাডেমীৰ ধনুৰ্বিদগৰাকীয়ে ভাৰতীয় দলটোক নেতৃত্ব দি ৭বাৰৰ স্বৰ্ণ পদক লাভ কৰে
ইষ্ট সিংভূম, ০২ অক্টোবৰ (হি.স.)। জাপানৰ আইচি-নাগোয়াত ২০২৬ চনত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় ধনুৰ্বিদ্যাৰ ইতিহাসত এক নতুন অধ্যায় সংযোজন কৰিলে জামছেদপুৰৰ টাটা আৰ্চাৰী একাডেমীৰ আন্তঃৰাষ্ট্ৰীয় ধনুৰ্বিদ অংকিতা ভকতে। অংকিতাৰ নেতৃত্বত ভাৰতীয় মহিলা ৰিকাৰ্ভ দলটোৱে ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ কোৰিয়াক ৫-৩ ব্য়ৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে। এছিয়ান গেমছৰ ইতিহাসত মহিলাৰ ৰিকাৰ্ভ টিম ইভেণ্টত ভাৰতৰ এয়া প্ৰথমটো স্বৰ্ণ পদক। এই ঐতিহাসিক জয়ৰ পিছত টাটা আৰ্চাৰী একাডেমী আৰু টাটা ষ্টীলত উদযাপনৰ সূচনা হয়।
অংকিতা ভকত কীৰ্তি শৰ্মা আৰু কুমকুম মহোদৰ সৈতে ওকাজাকিত খেলা ফাইনেলত ভাৰতীয় দলৰ অংশ আছিল। আৰম্ভণিৰে পৰাই তীব্ৰ প্ৰতিযোগিতা আছিল। ভাৰতীয় ধনুৰ্বিদসকলে চাপত উল্লেখযোগ্য স্থিৰতা বজাই ৰাখি তৃতীয় ছেটৰ পিছত ৪-২ ব্য়ৱধানত অগ্ৰগতি লাভ কৰে। নিৰ্ণায়ক পৰ্যায়ত কুমকুম মহোদৰ গুৰুত্বপূৰ্ণ ১০ পইণ্টে ভাৰতৰ স্থিতি অধিক শক্তিশালী কৰি তুলিলে। ইয়াৰ পিছতে ভাৰতীয় দলটোৱে ৫-৩ ব্য়ৱধানত জয়লাভ কৰি ইতিহাসৰ সৃষ্টি কৰে।
এই পৰাজয়ৰ লগে লগে দক্ষিণ কোৰিয়াই মহিলা ৰিকাৰ্ভ টিম ইভেণ্টত একেৰাহে সাতটা এছিয়ান গেমছত স্বৰ্ণ পদকৰ ধাৰাবাহিকতাও অন্ত পৰিল। ভাৰতৰ এই জয়ে এছিয়ান গেমছত মহিলাৰ ৰিকাৰ্ভ টিম ইভেণ্টৰ ইতিহাসত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।
কলকাতাৰ বাসিন্দা অংকিতা ভকটে ২০১৪ চনত জামছেদপুৰৰ টাটা আৰ্চাৰী একাডেমীত ১৬ বছৰ বয়সত যোগদান কৰে।তাত ৰিকাৰ্ভ আৰ্চাৰীৰ প্ৰশিক্ষণ লৈ পদ্মশ্ৰী পূৰ্ণিমা মাহাটোকে ধৰি অভিজ্ঞ প্ৰশিক্ষকৰ নিৰ্দেশনাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিজৰ প্ৰতিভাক নিখুঁত কৰি তুলিলে।
২০২২ চনৰ এছিয়ান গেমছত ভাৰতীয় মহিলা ৰিকাৰ্ভ দলৰ সৈতে অংকিতাই ব্ৰঞ্জৰ পদক লাভ কৰে। চাৰি বছৰৰ পাছত একেখন ইভেণ্টতে ভাৰতক সোণৰ পদকলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
বিশ্বকাপ আৰু এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপৰ পৰাও অংকিতাই স্বৰ্ণ পদক লাভ কৰিছে। ২০২৫ চনৰ নৱেম্বৰ মাহত এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপত ব্যক্তিগত ৰিকাৰ্ভ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰি এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।
ডি.বি. টাটা ষ্টীলৰ উপ সভাপতি সুন্দৰ ৰমনে অংকিতা আৰু সমগ্ৰ ভাৰতীয় দলটোক অভিনন্দন জনায়। তেওঁ কয় যে এই কৃতিত্ব দীৰ্ঘম্যাদী প্ৰশিক্ষণ, অনুশাসন, আৰু শক্তিশালী ক্ৰীড়া ব্যৱস্থাৰ ফল। তেওঁ লগতে কয় যে টাটা আৰ্চাৰী একাডেমীৰ উৎপাদন অংকিতাৰ এই সফলতা দেশৰ যুৱ ধনুৰ্বিদসকলৰ বাবে প্ৰেৰণাৰ উৎস।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ