২০ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তিঃ গোৱেল
নতুন দিল্লী, ১৯ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সোমবাৰে ঘোষণা কৰে যে ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি (এফটিএ) ২০ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। সংবাদমেলত গোৱেলে সাংবাদিকৰ আগত কয় যে ২৭ এপ্ৰিলত স্বাক্ষৰিত এই চুক
प्रेस कांफ्रेंस को संबोधित करते पीयूष गोयल


प्रेस कांफ्रेंस को संबोधित करते पीयूष गोयल


प्रेस कांफ्रेंस को संबोधित करते पीयूष गोयल


নতুন দিল্লী, ১৯ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সোমবাৰে ঘোষণা কৰে যে ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি (এফটিএ) ২০ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব।

সংবাদমেলত গোৱেলে সাংবাদিকৰ আগত কয় যে ২৭ এপ্ৰিলত স্বাক্ষৰিত এই চুক্তিৰ জৰিয়তে মঙলবাৰৰ পৰা নিউজিলেণ্ডলৈ ভাৰতীয় সকলো ৰপ্তানিৰ শুল্কমুক্ত সুবিধা প্ৰদান কৰা হৈছে। তেওঁ কয় যে এই চুক্তিয়ে অহা ১৫ বছৰত নিউজিলেণ্ডৰ পৰা ভাৰতত ২০ বিলিয়ন মাৰ্কিন ডলাৰৰ উল্লেখযোগ্য বিনিয়োগৰ পথো মুকলি কৰিব। তেওঁ উল্লেখ কৰে যে এই চুক্তিয়ে ভাৰতীয় ৰপ্তানিকাৰকসকলৰ বাবে উল্লেখযোগ্য সুযোগৰ সৃষ্টি কৰিব।

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে বাণিজ্য চুক্তিৰ অধীনত নিউজিলেণ্ডলৈ ৰপ্তানি হ’বলগীয়া জেচিবি ইণ্ডিয়াৰ ক্ষুদ্ৰ এক্সকেভেটৰকো ফ্লেগ অফ কৰি কয় যে কোম্পানীটোৱে মুঠ উৎপাদনৰ ২৫% ভাৰতৰ পৰা বিভিন্ন দেশলৈ ৰপ্তানি কৰে। তেওঁ কয়, মই তেওঁলোকক ইয়াক ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য দিছো। নিউজিলেণ্ড এতিয়া তেওঁলোকৰ ১৪০ সংখ্যক ৰপ্তানি গন্তব্যস্থানত পৰিণত হৈছে।

গোৱালে কয় যে এই চুক্তিয়ে কৃষি উৎপাদনশীলতাৰ অংশীদাৰিত্বকো প্ৰসাৰিত কৰে, যাৰ অধীনত নিউজিলেণ্ডৰ প্ৰযুক্তিয়ে ভাৰতৰ বিশাল আৰু ক্ৰমবৰ্ধমান চাহিদাও পূৰণ কৰিব। তেওঁ কয় যে দুগ্ধ, পিয়াঁজ, বুত, মটৰ, মাকৈ, বাদাম, কৃত্ৰিম মৌ, চেনি আদি স্পৰ্শকাতৰ খণ্ডসমূহ এই বাণিজ্য চুক্তিৰ পৰিসৰৰ পৰা বাদ দিয়া হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande