নলবাৰীৰ ২৯ সংখ্যক বাটসৰ শ্ৰী শ্ৰী দুৰ্গা পূজাত পুৱাৰে পৰা ভক্তৰ সমাগম
নলবাৰী, ১৮ অক্টোবৰ (হি.স.)। নলবাৰীৰ ২৯ সংখ্যক বাটসৰ শ্ৰী শ্ৰী দুৰ্গা পূজাত পুৱাৰে পৰা ভক্তৰ সমাগম । আয়তিৰ নাম প্ৰতিযোগিতা আজি মহা সপ্তমী পূজাৰ দ্বিতীয়টো দিন । দুৰ্গা বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য । মহাসপ্তমীক লৈ পূজাস্থলি সমূহত চলিছে মহ
নলবাৰীৰ ২৯ সংখ্যক বাটসৰ শ্ৰী শ্ৰী দুৰ্গা পূজাত পুৱাৰে পৰা ভক্তৰ সমাগম


নলবাৰী, ১৮ অক্টোবৰ (হি.স.)। নলবাৰীৰ ২৯ সংখ্যক বাটসৰ শ্ৰী শ্ৰী দুৰ্গা পূজাত পুৱাৰে পৰা ভক্তৰ সমাগম । আয়তিৰ নাম প্ৰতিযোগিতা আজি মহা সপ্তমী পূজাৰ দ্বিতীয়টো দিন । দুৰ্গা বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য । মহাসপ্তমীক লৈ পূজাস্থলি সমূহত চলিছে মহা আয়োজন । পুৱাৰে পৰা হাতে হাতে ধূপ-চাকি-নৈবদ্য লৈ মা দুৰ্গাৰ আশীষ বিচাৰি পূজাস্থলীত ভিৰ কৰিছে ভক্তই ।

নলবাৰীৰ ২৯ সংখ্যক বাটসৰ শ্ৰীশ্ৰী দুৰ্গা পূজাত হাতে হাতে ধূপ- চাকি- নৈবদ্য লৈ দুৰ্গা মাৰ আশীষ বিচাৰি পুৱাৰে পৰা ভক্তৰ সোত আৰম্ভ হৈছে । জাক জমকতাৰ পৰিবৰ্তে সম্পূৰ্ণ আধ্যাত্মিক দিশেৰে চলি অহা উক্ত পূজা খনত প্ৰতিদিনে নাম-প্ৰসংগ, নাগাৰা নাম, সাংস্কৃতিক অনুষ্ঠান আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে । উল্লেখ্য যে অহা ২১ অক্টোবৰত সামৰণি পৰিব বাটসৰ শ্ৰীশ্ৰী দুৰ্গা পূজাৰ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande