
-ডিজিটেল নিৰীক্ষণ আৰু উন্নত পৰিচ্ছন্নতা ব্যৱস্থাপনাৰ জৰিয়তে সেৱা প্ৰদানৰ মান উন্নততৰ কৰাৰ দিশত পদক্ষেপ গ্ৰহণ
গুৱাহাটী, ১৮ অক্টোবৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে’লৱেই নিৰ্বাচিত পাঁচখন ছুপাৰফাষ্ট ৰে’ল সেৱাত উন্নত অন-ব’ৰ্ড সেৱা প্ৰৱৰ্তন কৰি ভাৰতীয় ৰে’লৱেৰ ভিতৰত দ্বিতীয়টো জোনেল ৰে’লৱে হিচাপে পৰিগণিত হৈছে।
এই সেৱাসমূহ ৰেল নং. ১২৫৫২/১২৫৫১ কামাখ্যা–এছএমভিটি বেংগালুৰু এক্সপ্ৰেছ, ৰেল নং. ১২৫১৮/১২৫১৭ গুৱাহাটী–কলকাতা গৰীব ৰথ এক্সপ্ৰেছ, ৰেল নং. ১৫৯৪৬/১৫৯৪৫ ডিব্ৰুগড়–মুম্বাই লোকমান্য তিলক এক্সপ্ৰেছ, ৰেল নং. ২২২৩৩/২২২৩৪ নিউ জলপাইগুড়ী–পাটনা বন্দে ভাৰত এক্সপ্ৰেছ আৰু ৰেল নং. ২২২২৭/২২২২৮ নিউ জলপাইগুড়ী–গুৱাহাটী বন্দে ভাৰত এক্সপ্ৰেছত আৰম্ভ কৰা হৈছে।
এনএফআৰৰ চিপিআৰঅ’ কপিঞ্জল কিশোৰ শৰ্মাই আজি কয় যে এই উন্নত সেৱাসমূহ জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গৰ উপস্থিতিত ১৪ অক্টোবৰ তাৰিখে নিউ জলপাইগুড়ীৰ পৰা চলাচল কৰা উভয় বন্দে ভাৰত এক্সপ্ৰেছ ৰেলত প্ৰৱৰ্তন কৰা হয়। একেদিনাই কামাখ্যা–এছএমভিটি বেংগালুৰু এক্সপ্ৰেছতো ইয়াৰ প্ৰাৰম্ভিক ষ্টেচন কামাখ্যাৰ পৰা এই সেৱাসমূহৰ সৈতে সজ্জিত কৰা হয়। আনহাতে, গুৱাহাটী–কলকাতা গৰীব ৰথ এক্সপ্ৰেছ আৰু ডিব্ৰুগড়–মুম্বাই লোকমান্য তিলক এক্সপ্ৰেছে ক্ৰমে ১০ আৰু ১১ অক্টোবৰ তাৰিখৰ পৰাই উন্নত অন-ব’ৰ্ড সেৱাৰ সৈতে চলাচল আৰম্ভ কৰে।
উন্নত অন-ব’ৰ্ড সেৱাসমূহৰ মূল লক্ষ্য হৈছে নিয়মীয়াকৈ ডবাৰ ভিতৰভাগ আৰু এচিৰ খিৰিকী পৰিষ্কাৰ কৰা, শৌচাগাৰৰ উন্নত ৰক্ষণাবেক্ষণ, দক্ষতাৰে আৱৰ্জনা ব্যৱস্থাপনা আৰু লিনেন সামগ্ৰীসমূহ সময়মতে বিতৰণ তথা সংগ্ৰহৰ জৰিয়তে পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্যবিধি আৰু যাত্ৰীৰ আৰাম বৃদ্ধি কৰা। আনহাতে সমৰ্পিত কৰ্মচাৰী দলসমূহে প্ৰাথমিক কাৰিকৰী সাহাৰ্য প্ৰদান কৰাৰ লগতে পানীৰ উপলব্ধতা নিৰীক্ষণ আৰু যাত্ৰীৰ অভিযোগসমূহ দুই ঘণ্টাৰ ভিতৰত সমাধানৰ লক্ষ্যৰে ব্যৱস্থা গ্ৰহণ কৰিব লগতে অমীমাংসিত সমস্যাসমূহ সংশ্লিষ্ট ৰে’লৱে কৰ্তৃপক্ষৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব।
এই পদক্ষেপৰ জৰিয়তে দায়বদ্ধতা আৰু সেৱা প্ৰদানৰ মানদণ্ড শক্তিশালী কৰাৰ বাবে ডিজিটেল নিৰীক্ষণ, ভৌগোলিক অৱস্থান-সংযুক্ত সেৱাৰ প্ৰমাণীকৰণ, কৰ্মচাৰীৰ গতিবিধি অনুসৰণ আৰু কেন্দ্ৰীভূত নিৰীক্ষণ ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হৈছে। যাত্ৰীৰ তাৎক্ষণিক মতামত, ষ্টাৰ ৰেটিং আৰু কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মূল্যায়নে কৰ্ম প্ৰদৰ্শনৰ মূল্যাঙ্কন আৰু সেৱাৰ গুণগত মান তথা সামগ্ৰিক যাত্ৰীৰ অভিজ্ঞতাৰ অবিৰত উন্নতিত সহায় কৰিব।
এই পদক্ষেপৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেই চলন্ত ৰেলৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অধিক উন্নত কৰি উচ্চ পৰ্যায়ৰ স্বাস্থ্যবিধি বজাই ৰখাৰ লগতে যাত্ৰীৰ সন্তুষ্টি বৃদ্ধি কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে। প্ৰযুক্তি-চালিত পৰিচ্ছন্নতা ব্যৱস্থাপনা, ডিজিটেল নিৰীক্ষণ আৰু অভিযোগৰ তাৎক্ষণিক নিষ্পত্তিৰ সমন্বয়ৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰীসকলক অধিক পৰিষ্কাৰ, আৰামদায়ক আৰু উন্নত যাত্ৰাৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ