
কামৰূপ, ১৮ অক্টোবৰ (হি.স.)। ৰঙিয়াৰ জয়ন্তী কালি বিগ্ৰহ মন্দিৰত ২৫৭ সংখ্যক দুৰ্গা পূজা।
ভক্তি, বিশ্বাস আৰু ঐতিহ্যৰ এক অপূৰ্ব সমাহাৰ!
শাৰদীয় দুৰ্গোৎসৱৰ পৱিত্ৰ মহাসপ্তমীৰ দিনা বৈদিক ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ আৰাধনাত মুখৰিত হৈ পৰিছে ৰঙিয়াৰ জয়ন্তীপুৰস্থিত ঐতিহ্যমণ্ডিত জয়ন্তী কালি বিগ্ৰহ মন্দিৰ।
২৫৭ বছৰৰ গৌৰৱোজ্জ্বল পৰম্পৰা! প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা এই পূজা কেৱল ধৰ্মীয় অনুষ্ঠানেই নহয়, বৰঞ্চ ই অঞ্চলটোৰ আধ্যাত্মিক বিশ্বাস আৰু ঐতিহ্যৰো এক অনন্য প্ৰতীক।
এই পৱিত্ৰ পূজাথলীলৈ কেৱল স্থানীয় ভক্তই নহয়, দূৰ-দূৰণিৰ পৰাও অগণন ভক্তৰ আগমন ঘটিছে। দেৱীৰ চৰণত সেৱা আগবঢ়াই সকলোৱে কামনা কৰিছে পৰিয়ালৰ সুখ-শান্তি, সমৃদ্ধি আৰু মংগল।
২৫৭ বছৰীয়া পৰম্পৰাৰ গৰিমাৰে আজিও উজলি উঠিছে জয়ন্তীপুৰৰ জয়ন্তী কালি বিগ্ৰহ মন্দিৰ। ভক্তিৰ আবেগ, আস্থাৰ শক্তি আৰু ঐতিহ্যৰ মহিমাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পূজাথলী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা