
মুম্বাই, ১৮ অক্টোবৰ (হি.স.)। অভিনেতা প্ৰভাসৰ বহু প্ৰত্যাশিত ছবি স্পিৰিটৰ মুক্তিৰ তাৰিখ সলনি কৰা হৈছে। সন্দীপ ৰেড্ডী ভাংগাই পৰিচালনা কৰা এই ছবিখনত প্ৰভাসৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে তৃপ্তী ডিমৰীয়ে। এতিয়া ২০২৭ চনৰ ২৯ অক্টোবৰত ছবিগৃহত মুক্তি পাব । পূৰ্বতে ২০২৭ চনৰ ৫ মাৰ্চত মুক্তি পাবলগীয়া ছবিখনৰ মুক্তিৰ সময় প্ৰায় আঠ মাহ পিছুৱাই দিয়া হৈছে।
স্পিৰিটৰ নতুন মুক্তিৰ তাৰিখৰ লগে লগে ২০২৭ চনত দীপাৱলীৰ আশে-পাশে ডাঙৰ ডাঙৰ ছবিৰ মাজত বক্স অফিচত সংঘৰ্ষ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ২০২৭ চনৰ দীপাৱলীৰ সময়ত ৰণবীৰ কাপুৰৰ ৰামায়ণ: ২য় খণ্ডও মুক্তিৰ কথা।সেয়েহে দুয়োখন ছবি একেলগে ছবিগৃহত মুক্তি পালে দৰ্শকৰ মনোযোগৰ বাবে প্ৰতিযোগিতা বৃদ্ধি পাব পাৰে। কিন্তু দুয়োখন ছবিৰ মুক্তিৰ পৰিকল্পনাত অধিক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।
ইফালে, ১৮ অক্টোবৰত স্পিৰিটৰ পৰা প্ৰভাসৰ নতুন ৰূপৰ আভাস শ্বেয়াৰ কৰিলে সন্দীপ ৰেড্ডী ভাংগাই। ইয়াৰ ফলত ছবিখনক লৈ অনুৰাগীৰ উত্তেজনা আৰু অধিক বৃদ্ধি পায়। প্ৰভাস আৰু ভাংগাই এই ছবিখনত প্ৰথমবাৰৰ বাবে একেলগে কাম কৰিছে।
সন্দীপ ৰেড্ডী ভাংগাই ইয়াৰ পূৰ্বে অৰ্জুন ৰেড্ডী, কবীৰ সিং, এনিমেল আদি ছবি পৰিচালনা কৰিছিল। ফলস্বৰূপে প্ৰভাসৰ সৈতে তেওঁৰ নতুন ছবিখনৰ প্ৰতি দৰ্শকৰ আশা যথেষ্ট বৃদ্ধি পাইছে ।
---------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ