মহাৰাষ্ট্ৰৰ বিডত এছ টি বাছ আৰু গাড়ীৰ সংঘৰ্ষত ৫জন লোকৰ মৃত্যু, এজন আহত
মুম্বাই, ১৮ অক্টোবৰ (হি.স.)। মহাৰাষ্ট্ৰৰ বিড জিলাত দেওবাৰে বিয়লি এছ টি বাছ আৰু গাড়ীৰ সংঘৰ্ষত ৫জন লোক নিহত হোৱাৰ লগতে এজন আহত হয়। মাজলগাঁও তহচিলৰ খামগাঁও-পান্ধৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিন্দেৱাদী ফাটাৰ সমীপত অবিনাশ দাদা বনছোড়ৰ পেট্ৰল পাম্পৰ সন্মুখত
फोटो: बीड़ जिले में एसटी बस और कार की टक्कर के बाद राहत और बचाव कार्य कर रही पुलिस


মুম্বাই, ১৮ অক্টোবৰ (হি.স.)। মহাৰাষ্ট্ৰৰ বিড জিলাত দেওবাৰে বিয়লি এছ টি বাছ আৰু গাড়ীৰ সংঘৰ্ষত ৫জন লোক নিহত হোৱাৰ লগতে এজন আহত হয়। মাজলগাঁও তহচিলৰ খামগাঁও-পান্ধৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিন্দেৱাদী ফাটাৰ সমীপত অবিনাশ দাদা বনছোড়ৰ পেট্ৰল পাম্পৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত আটাইকেইজনেই একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে। মাজলগাঁও গ্ৰাম্য থানাৰ এটা দলে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, মাজলগাঁৱৰ বাসিন্দা গজানন ৰামদাসৰ পৰিয়ালৰ ৬ জন সদস্য গাড়ীৰে তুলজাপুৰ ভ্ৰমণ কৰিবলৈ আহিছিল। শিন্দেৱাড়ী ফাটাৰ সমীপত হঠাতে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই সন্মুখৰ পৰা অহা এছ টি বাছৰ সৈতে খুন্দা মাৰে। ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ হৈ পৰিছিল যে গজানন ৰামদাসসহ পাঁচজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে এজন লোক আহত হয়।

দুৰ্ঘটনাটোৰ খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় ৰাইজে ঘটনাস্থলীত সমবেত হয়। কিছু সময়ৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে মৃত লোকজনৰ মৃতদেহ দখল কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আহত ব্যক্তিজনক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

বৰ্তমান মাজলগাঁও গ্ৰাম্য আৰক্ষীয়ে দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande