বাক্সাৰ শালবাৰীৰ চিকাদ'লত ব্যতিক্ৰমী দুৰ্গা পূজা
বাক্সা, ১৮ অক্টোবৰ (হি.স.)। বাক্সাৰ শালবাৰীৰ চিকাদ''লত ব্যতিক্ৰমী দুৰ্গা পূজা। বড়ো সকলৰ মাইনাও পূজাৰ সমান্তৰালকৈ পৰম্পৰাগত নীতি নিয়মেৰে উদযাপন কৰা হৈছে মা দুৰ্গাৰ পূজা। মা দুৰ্গাৰ প্ৰতিমাক পিন্ধোৱা হৈছে বড়ো মহিলা সকলৰ দখনা। শালবাৰীৰ চিকাদ
বাক্সাৰ শালবাৰীৰ চিকাদ'লত ব্যতিক্ৰমী দুৰ্গা পূজা


বাক্সা, ১৮ অক্টোবৰ (হি.স.)। বাক্সাৰ শালবাৰীৰ চিকাদ'লত ব্যতিক্ৰমী দুৰ্গা পূজা। বড়ো সকলৰ মাইনাও পূজাৰ সমান্তৰালকৈ পৰম্পৰাগত নীতি নিয়মেৰে উদযাপন কৰা হৈছে মা দুৰ্গাৰ পূজা।

মা দুৰ্গাৰ প্ৰতিমাক পিন্ধোৱা হৈছে বড়ো মহিলা সকলৰ দখনা।

শালবাৰীৰ চিকাদল'ৰ সুদেম দেৰা ৰৈৰুব বাথৌ আশ্ৰমৰ উদ্যোগত ছয় দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে নৱম বাৰ্ষিক মা দুৰ্গা পূজা।

আজি সপ্তমী পূজাৰ দিনটোত উৎসৱ মুখৰ হৈ পৰে পূজা থলী। বড়ো জনগোষ্ঠীৰ মহিলা সকলে দেৱী দুৰ্গাৰ সন্মুখত নৃত্যগীতেৰে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। বড়ো মহিলা সকলৰ ব্যতিক্রমী নৃত্যই উপস্থিত থকা ভক্ত সকলকো মোহাচন্ন কৰি তোলে। উদযাপন সমিতিৰ বিষয়ববীয়াই জানিব দিয়া অনুসৰি সম্পূর্ণ পৰম্পৰাগত নীতি নিয়মেৰে দেৱী দুৰ্গাৰ লগতে মাইনাও পূজাৰ আয়োজন কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande