৭৫ বছৰত ভৰি দিলে উত্তৰ ৰঙিয়া বাৰোৱাৰী দুৰ্গা পূজাই
কামৰূপ, ১৮ অক্টোবৰ (হি.স.)। ৭৫ বছৰত ভৰি দিলে উত্তৰ ৰঙিয়া বাৰোৱাৰী দুৰ্গা পূজাই! পৰম্পৰা, ঐতিহ্য আৰু ভক্তিৰ অপূৰ্ব সমাহাৰেৰে দেৱী দুৰ্গাৰ আৰাধনাত মুখৰিত হৈ পৰিছে উত্তৰ ৰঙিয়া বাৰোৱাৰী দুৰ্গা পূজাৰ মণ্ডপ। শাৰদীয় দুৰ্গোৎসৱৰ পৱিত্ৰ মহাসপ্তমীৰ দিনা বৈদ
৭৫ বছৰত ভৰি দিলে উত্তৰ ৰঙিয়া বাৰোৱাৰী দুৰ্গা পূজাই


কামৰূপ, ১৮ অক্টোবৰ (হি.স.)। ৭৫ বছৰত ভৰি দিলে উত্তৰ ৰঙিয়া বাৰোৱাৰী দুৰ্গা পূজাই!

পৰম্পৰা, ঐতিহ্য আৰু ভক্তিৰ অপূৰ্ব সমাহাৰেৰে দেৱী দুৰ্গাৰ আৰাধনাত মুখৰিত হৈ পৰিছে উত্তৰ ৰঙিয়া বাৰোৱাৰী দুৰ্গা পূজাৰ মণ্ডপ।

শাৰদীয় দুৰ্গোৎসৱৰ পৱিত্ৰ মহাসপ্তমীৰ দিনা বৈদিক ৰীতি-নীতিৰে মা দুৰ্গাৰ পূজা-অৰ্চনা। দেৱীৰ চৰণত সেৱা আগবঢ়াই আশিস বিচাৰিছে অগণন ভক্তই।

৭৫ বছৰীয়া গৌৰৱোজ্জ্বল পৰিক্ৰমা। সময়ৰ সোঁতত বহু পৰিৱৰ্তন আহিলেও অটুট আছে ভক্তি আৰু বিশ্বাসৰ পৰম্পৰা। এই ঐতিহ্যমণ্ডিত পূজাথলীলৈ দেৱীৰ আশিস ল’বলৈ দূৰ-দূৰণিৰ পৰা আগমন ঘটিছে ভক্তপ্ৰাণ ৰাইজৰ।

কেৱল ধৰ্মীয় পৰম্পৰাই নহয়, নতুন প্ৰজন্মৰ মাজত সৃষ্টিশীল প্ৰতিভাৰ বিকাশৰ লক্ষ্যৰে পূজা মণ্ডপতে সমিতিয়ে আয়োজন কৰিছে চিত্ৰাংকন প্ৰতিযোগিতাৰ।

ভক্তিৰ মাজত ঐতিহ্যৰ উদযাপন, পৰম্পৰাৰ মাজত নতুন প্ৰজন্মৰ প্ৰতিভাৰ বিকাশ! ৭৫ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰাৰে উত্তৰ ৰঙিয়া বাৰোৱাৰী দুৰ্গা পূজাই কঢ়িয়াই আনিছে একতা, সম্প্ৰীতি আৰু আধ্যাত্মিকতাৰ অনন্য বাৰ্তা।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande