
চিৰাং, ১৮ অক্টোবৰ (হি.স.)। এক ব্যতিক্ৰমী শাৰদীয় দুৰ্গা পূজা।
চিৰাং জিলাৰ বিজনীৰ ২ নং ছাতিয়ানগুৰী ঐতিহাসিক ৰজাদিনীয়া ভেটাগাঁও বুঢ়ী ঠাকুৰাণী থানত দূৰ্গা দেৱীৰ মৃন্ময় মূৰ্তি বিহীন ভাৱে ভক্তপ্ৰাণ ৰাইজে কৰিছে দূৰ্গা দেৱীৰ পূজা-অৰ্চনা।
ইতিহাস প্ৰসিদ্ধ বিজনী ৰাজ্যৰ কোচ ৰজা বিজিত নাৰায়ণৰ ৰাজত্বকালত ১৬৮৫ খ্ৰীষ্টাব্দত স্থাপিত এই ভেটাগাঁও বুঢ়ী ঠাকুৰাণী থানে এইবেলি ৩৪১ বছৰত ভৰি দিলে।
তেতিয়াৰ পৰাই থান খনত দূৰ্গা দেৱীৰ মৃন্ময় মূৰ্তিৰ সলনি এখন সিংহাসন স্থাপন কৰি ৰাইজে দুৰ্গা দেৱীক পূজা-অৰ্চনা কৰি আহিছে।
আজি মহা সপ্তমীৰ দ্বিতীয় দিনটোত ভেটাগাঁও বুঢ়ী ঠাকুৰাণী থানত ৰাইজৰ যথেষ্ট সংখ্যক ভিৰ হোৱা পৰিলক্ষিত হয়।
সমান্তৰালভাৱে মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে মহিলা সকলৰ নাম-প্ৰসঙ্গ।
এক আধ্যাত্মিক পৰিৱেশৰ মাজত ৰাইজে ধুপ-ধুনা নৈবেদ্য আগবঢ়াই দূৰ্গা দেৱীৰ চৰণত পূজা-অৰ্চনা কৰিছে।
উল্লেখ্য যে শাৰদীয় দূৰ্গা পূজাত এই ভেটাগাঁও বুঢ়ী ঠাকুৰাণী থানত ভক্তপ্ৰাণ ৰাইজে মানস কৰা হাহ, ছাগলী, কোমোৰা, কুহিয়াৰ আদি বলিবিধান প্ৰথাৰে দূৰ্গা দেৱীৰ চৰণত অৰ্পণ কৰি আহিছে।
এইবেলিও অষ্টমী আৰু নৱমীত বুঢ়ী ঠাকুৰাণী থানত বলিবিধান প্ৰথা সম্পন্ন কৰা হ'ব।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা