
গোলাঘাট, ১৭ অক্টোবৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও কমাৰগাঁও সাৰ্বজনীন দুৰ্গোৎসৱ উপলক্ষে ১৯ অক্টোবৰত অষ্টমী নিশাৰ নাট্য নিৱেদন আগবঢ়োৱা হৈছে । ড° পৰশমনি ঠাকুৰৰ ৰচিত আৰু পৰিচালিত পূৰ্ণাংগ নাটক “বধ্যভূমি“ মঞ্চস্থ কৰা হ’ব। য'ত অভিনয় কৰিছে একাংশ স্থানীয় ন-পুৰণি অভিনেতা অভিনেত্ৰীয়ে।
শিৱকান্ত পূজাৰী প্ৰেক্ষাগৃহত মঞ্চস্থ হ'ব লগা এই 'বধ্যভূমি' নাটক খনত সমসাময়িক সমাজখনত অপৰাধপ্ৰৱন মানসিকতাৰ কিছুমান মানুহৰ বাবে মানৱতা কিদৰে ভূলুণ্ঠিত হৈ এখন ক্ষয়িষ্ণু সমাজৰ পৰিচায়ক হৈ পদে পদে মানৱতাৰ একোখনি বধ্যভূমিলৈ পৰিণত হৈ পৰিছে তাৰ এখন জীয়া ছৱি প্ৰতিফলিত কৰিছে। নাটক একোখন সমাজৰ দাপোন ৷ “বধ্যভূমি“ ও চলিত সমাজখনৰ দাপোন ৷
উদযাপন সমিতিয়ে কালি সন্ধিয়া সংবাদমাধ্যমৰ যোগেদি সকলোৰে উপস্থিতি তথা সহায় সহযোগ একান্ত ভাবে কামনা কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ