
পেছাৱাৰ (খৈবাৰ পাখতুনখোৱা), পাকিস্তান, ১৬ অক্টোবৰ (হি.স.)। পাকিস্তান তেহৰিক-ই-ইনছাফে প্ৰদেশখনত জৰুৰীকালীন আৰু গৱৰ্ণৰৰ শাসন জাপি দিয়াক লৈ পেছাৱৰ উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছে । অহা ২০ অক্টোবৰত পিটিআইৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চ ন্যায়ালয়ে সন্মতি প্ৰকাশ কৰিছে । পিটিআইৰ অধ্যক্ষ বেৰিষ্টাৰ গোহৰ খান আৰু অধিবক্তা ছলমান খানে খৈবাৰ পখতুনখোৱাত ফেডাৰেল চৰকাৰে জৰুৰীকালীন আৰু গৱৰ্ণৰ শাসন জাপি দিয়াক প্ৰত্যাহ্বান জনাই দুখন আবেদন দাখিল কৰিছে।
দ্য নিউজৰ মতে, গোহৰ খান আৰু ছলমান খানে এই আবেদনত প্ৰতিবাদী হিচাপে ফেডাৰেচন অৱ পাকিস্তান, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, খৈবাৰ পখতুনখোৱাৰ গৱৰ্ণৰ, আৰু অন্যান্য সংশ্লিষ্ট বিষয়াৰ নাম উল্লেখ কৰিছে। ইফালে, টেহৰিক তাহাফুজ আইন-ই-পাকিস্তানেও প্ৰদেশখনত গৱৰ্ণৰৰ শাসন আৰু জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ বাবে ফেডাৰেল চৰকাৰৰ কাৰ্যক প্ৰত্যাহ্বান জনাই এক সুকীয়া আবেদন দাখিল কৰিছে । মাজলিছ ৱাহদাত-ই-মুছলিমিন (এম ডব্লিউ এম)ৰ মুৰব্বী আল্লামা ৰাজা নাছিৰ আব্বাছ, বিৰোধী নেতা মাহমুদ খান আচাকজাইকে ধৰি অন্যান্য নেতাই যৌথভাৱে এই আবেদন দাখিল কৰে।
প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে সংবিধানৰ ২৩২ আৰু ২৩৪ নং অনুচ্ছেদৰ অধীনত অনুমোদন জনোৱাৰ পিছতে ১১ অক্টোবৰত প্ৰদেশখনত জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছিল। প্ৰদেশখনৰ অৱনতি ঘটা নিৰাপত্তা পৰিস্থিতি আৰু সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টাক লৈ উদ্বেগ প্ৰকাশ কৰে ফেডাৰেল চৰকাৰে। পদচ্যুত প্ৰধানমন্ত্ৰী ইমৰাণ খান হৈছে পিটিআইৰ প্ৰতিষ্ঠাপক। ফেডাৰেল চৰকাৰৰ এই কাৰ্য্যৰ পূৰ্বে পিটিআইয়ে প্ৰদেশখনত শাসন কৰিছিল।
ৰাজ্যপাল ফৈছাল কৰিম কুণ্ডীয়ে ফেডাৰেল চৰকাৰৰ ছাঁত প্ৰদেশখনৰ দায়িত্ব গ্ৰহণ কৰি আহিছে। ১১ জনীয়া টেকন'ক্ৰেটিক কে পি এডভাইজাৰী কাউন্সিল-এ এই ক্ষেত্ৰত তেওঁলোকক সহায় কৰি আছে। ইয়াৰ এদিন পূৰ্বে সংসদৰ যুটীয়া অধিৱেশনৰ সময়ত খাইবাৰ পখতুনখোৱাত জৰুৰীকালীন আৰু ৰাজ্যপালৰ শাসন জাপি দিয়াৰ বাবে সংসদে অনুমোদন জনায়। ইয়াৰ পিছতে বিৰোধী মিত্ৰজোঁট টিটিএপিয়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ অন্ত পৰাৰ কথা ঘোষণা কৰে। সংসদৰ যৌথ অধিৱেশনত সংসদীয় পৰিক্ৰমা মন্ত্ৰী তাৰিক ফজল চৌধুৰীৰ প্ৰস্তাৱ গৃহীত হয়। এই প্ৰস্তাৱসমূহৰ লক্ষ্য আছিল সংবিধানৰ ২৩২ আৰু ২৩৪ নং অনুচ্ছেদৰ অধীনত ১১ অক্টোবৰত জাৰি কৰা ৰাষ্ট্ৰপতিৰ ঘোষণাত অনুমোদন জনোৱা। শাসক-বিৰোধী সদস্যৰ মাজত উত্তপ্ত বিতৰ্কৰ অন্তত এই প্ৰস্তাৱ গৃহীত হয়।
পিটিআইৰ আবেদনত পেছাৱৰ উচ্চ ন্যায়ালয়ক জৰুৰীকালীন আৰু ৰাজ্যপালৰ শাসনক অসাংবিধানিক ঘোষণা কৰি বাতিল কৰিবলৈ আহ্বান জনোৱা হৈছে। অধিবক্তা আলী জামানৰ জৰিয়তে এই আবেদন দাখিল কৰা হৈছে। পিটিআইয়ে যুক্তি দিছিল যে সন্ত্ৰাসবাদৰ দোহাই দি নিৰ্বাচিত প্ৰাদেশিক চৰকাৰৰ ক্ষমতা সীমিত কৰাটো বৈষম্যমূলক। দলটোৱে দাবী কৰে যে ৰাজনৈতিক মতানৈক্যৰ ভিত্তিত ফেডাৰেল চৰকাৰে প্ৰাদেশিক প্ৰশাসনৰ ক্ষমতা কাঢ়ি ল’ব নোৱাৰে।
আবেদনখনত বেলুচিস্তানৰ উদাহৰণ উল্লেখ কৰা হৈছে, য’ত সন্ত্ৰাসবাদ আৰু জীৱন-সামগ্ৰী হেৰুৱাৰ পিছতো গৱৰ্ণৰ শাসন জাপি দিয়া হোৱা নাছিল । ইয়াৰ উপৰিও ২০০৭ চনৰ পৰা ২০১৫ চনৰ ভিতৰত খাইবাৰ পাখতুনখোৱাৰ উদাহৰণ দিয়া হৈছে।এই উদাহৰণসমূহে যুক্তি দিছিল যে বৰ্তমানৰ প্ৰাদেশিক চৰকাৰৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাসমূহ বৈষম্যমূলক। দলটোৱে সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু প্ৰদেশখনত শান্তি ঘূৰাই অনাৰ প্ৰচেষ্টাক সমৰ্থন কৰা বুলি উল্লেখ কৰে যদিও সন্ত্ৰাসবাদৰ বিৰুদ্ধে অকাৰ্যকৰী ব্যৱস্থা লোৱাৰ অভিযোগ ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে।
দলটোৱে উল্লেখ কৰে যে ২০২৪ চনৰ নিৰ্বাচনত খৈবাৰ পখতুনখোৱাত পিটিআইয়ে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। আবেদনখনত যুক্তি দিয়া হৈছিল যে ৰাজ্যপালৰ শাসন জাৰি কৰাৰ বাবে ২৩৪ নং অনুচ্ছেদত নিৰ্ধাৰিত সাংবিধানিক প্ৰয়োজনীয়তা আৰু পদ্ধতিসমূহ পালন কৰা হোৱা নাছিল । ইছলামবাদৰ ‘লং মাৰ্চ’ৰ সময়ত কোনো ধৰণৰ অবৈধ পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা নাছিল বুলি উল্লেখ কৰে পিটিআইয়ে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ