
ৰিয়াদ, ১৬ অক্টোবৰ (হি.স.)। বিমান আক্ৰমণৰ আশংকাত চৌদি আৰৱত বসবাস কৰা ভাৰতীয় নাগৰিকসকলক সতৰ্ক, সজাগ, ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনোৱা হৈছে। ভাৰতীয় দূতাবাসে উল্লেখ কৰিছে যে ৰিয়াধ বিমানবন্দৰ বন্ধ হোৱাৰ বাবে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ’ই ছৌদি আৰৱৰ পৰা বিমান সেৱা বাতিল কৰাৰ বিপৰীতে কিছুমান ছৌদি বিমান সংস্থাই ভাৰতলৈ যাত্ৰা অব্যাহত ৰাখিছে।
বৃহস্পতিবাৰে ভাৰতীয় সমাজলৈ প্ৰকাশ কৰা এক ভিডিঅ’ বাৰ্তাত ছৌদি আৰৱত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিপুলে কয় যে দেশৰ অসামৰিক সা-সুবিধা আৰু আন্তঃগাঁথনি লক্ষ্য কৰি সংঘটিত হোৱা আক্ৰমণ ভাৰতে তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয় যে ভাৰতে ছৌদি আৰৱৰ জনসাধাৰণ আৰু নেতৃত্বৰ সৈতে সম্পূৰ্ণ সংহতিৰে থিয় দিছে। তেওঁ এই আক্ৰমণত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
ৰাষ্ট্ৰদূতগৰাকীয়ে উল্লেখ কৰে যে ১০ অক্টোবৰত ৰিয়াধ বিমানবন্দৰত সংঘটিত আক্ৰমণত প্ৰাণ হেৰুওৱা ভাৰতীয় নাগৰিকজনৰ পৰিয়ালৰ সৈতে দূতাবাসৰ সংস্পৰ্শত আছে । আক্ৰমণত আহত ১১ জন ভাৰতীয়ৰ পৰিয়ালৰ সৈতে আৰু চিকিৎসালয় প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগ অব্যাহত ৰখা হৈছে।
তেওঁ কয় যে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ’ই ছৌদি আৰৱৰ পৰা বিমান সেৱা বাতিল কৰিছে যদিও ছৌদি, ফ্লাইনাছ, আৰু ফ্লাইডিলে ভাৰতলৈ বিমান সেৱা অব্যাহত ৰাখিছে। চুবুৰীয়া উপসাগৰীয় দেশসমূহৰ মাজেৰেও যাত্ৰীসকলে ভাৰতলৈ অহা-যোৱা কৰিব পাৰে। অৱশ্যে যাত্ৰাৰ পূৰ্বে বিমানৰ অৱস্থা নিশ্চিত কৰাটো বাঞ্ছনীয়।
-----------------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ